দেওবাৰে দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হোৱাৰ পাছত টি-২০ বিশ্বকাপত নিজৰ স্থিতি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ভাৰতে বাংলাদেশৰ বিৰুদ্ধে পৰৱর্তী মেচ খেলিব। এই পৰ্যন্ত ভাৰতে তিনিখন মেচ খেলিছে আৰু ইয়াৰে দুখন মেচত জয় কৰিছে ৷ আন এখন মেচত ভাৰত পৰাস্ত হৈছে। আনহাতে বাংলাদেশেও প্রথম তিনিখন মেচৰ দুখনত জয়ৰ লগতে এখনত পৰাস্ত হৈছে৷ কিন্তু মুঠ ৰাণৰ হাৰৰ বাবে পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে ভাৰত ৷ইয়াৰ মাজতে ভাৰত –বাংলাদেশৰ আগন্তুক মেচখনৰ প্ৰাকক্ষণত এডিলেইডত প্ৰচণ্ড বৰষুণ হোৱাৰ বাবে মেচখন পৰিত্যক্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷
এডিলেইড অভেলত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ গ্ৰুপ ২ মেচখন। দুয়োটা দলে ছেমিফাইনেলত প্ৰৱেশৰ বাবে আগন্তুক মেচখন অত্যন্ত গুৰুত্বপূর্ণ ৷ ইয়াৰ বিপৰীতে আগন্তুক মেচখনত ফলাফল নিৰ্ণয় কৰাত বতৰে উল্লেখযোগ্য ভূমিকা পালন কৰিব।অষ্ট্ৰেলিয়াৰ বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি খেলৰ দিনা বতৰ ডাৱৰীয়া হৈ থাকিব ।সন্ধিয়া মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে ৷ দক্ষিণ-পশ্চিম দিশলৈ ২০ৰ পৰা ৩০ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত বলাৰ সিদ্ধান্ত আছে ৷
পূৰ্বাভাস অনুসৰি সেইদিনা তাপমাত্ৰা হ’ব ১০ৰ পৰা ১৭ ডিগ্ৰী চেলছিয়াছ ৷ বৰষুণৰ পৰিমাণ হ’ব ০-২ মিলিমিটাৰ বৰষুণ ৷ ধাৰাসাৰ বৰষুণৰ বাবে ভাৰতৰ অনুশীলন আগুৱাই দিয়া হৈছে ৷
এতিয়ালৈকে ৫ পইণ্টেৰে গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিছে দক্ষিণ আফ্ৰিকাই ৷দ্বিতীয় আৰু তৃতীয় স্থানত আছে ভাৰত আৰু বাংলাদেশ। জিম্বাবুৱে ৩ পইণ্টেৰে চতুৰ্থ স্থানত থকাৰ বিপৰীতে পাকিস্তানে এতিয়ালৈকে মাত্ৰ দুটা পইণ্টেৰে পঞ্চম স্থানত আছে। যদি সঁচাকৈয়ে আগন্তুক মেচখন বৰষুণৰ বাবে পৰিত্যক্ত হয়তেন্তে ভাৰত আৰু বাংলাদেশ দুয়োখন খেল খেলিবলৈ বাকী থকা অৱস্থাত ৫ পইণ্টত স্থবিৰ হৈ থাকিব ৷