বুধবাৰে এডিলেইডত ভাৰতৰ গ্ৰুপ ২ মেচত বাংলাদেশৰ বিৰুদ্ধে ব্যক্তিগতভাৱে ১৬ ৰান সংগ্ৰহ কৰি আইচিচি টি-২০ বিশ্বকাপত সর্বাধক ৰাণ কৰা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ল বিৰাট কোহলী। ৩১ ইনিংছত ১০১৬ ৰান সংগ্ৰহ কৰি শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক মাহেলা জয়াৱৰ্ধনৰ অভিলেখ কোহলিয়ে ভগ কৰে ৷ কোহলীয়ে প্ৰতিযোগিতাখনত ২৫ সংখ্যক ইনিংছ খেলে ৷ ২০১৬ চনত কোহলীয়ে এই তালিকাৰ দ্বিতীয় স্থান দখল কৰিছিল ৷সেই সময়ত ভাৰতে ছেমি ফাইনেলৰ পৰা বাহিৰ হৈছিল।বিচিচিআইয়ে কোহলিৰ এই অভিলেখৰ বাবে অভিনন্দন জনায় ৷
পাকিস্তানৰ বিৰুদ্ধে তেওঁ ৮২ ৰাণ আৰু তাৰ পিছত নেদাৰলেণ্ডৰ বিৰুদ্ধে ৬২ ৰান সৎগ্ৰহ কৰিছিল ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱশ্যে কোহলিয়ে মাত্ৰ ১২ ৰাণ সংগ্ৰহ কৰে ৷
চলিত টি-২০ বিশ্বকাপত মাহেলা জয়ৱৰ্ধনৰ ১০১৬ ৰান অভিলেখ ৭ম অভাৰত বিৰাটে অতিক্ৰম কৰে। টি-২০ বিশ্বকাপ ২০২২ত বিৰাটৰ সৰ্বোত্তম প্ৰদৰ্শন নিঃসন্দেহে পাকিস্তানৰ বিৰুদ্ধে খেলখনত দেখা গৈছিল।