কেতিয়াবা কিছুমান লোকৰ ভৱিষ্যতবাণীয়ে আমাৰ সকলোৰে কৌতূহল শান্ত কৰিব পাৰে। বুলগেৰিয়ান মহিলা বাবা ভেঙ্গা এনে এগৰাকী ভৱিষ্যতবাণী কৰোঁতা যি তেওঁৰ সঠিক ভৱিষ্যতবাণীৰ বাবে সমগ্ৰ পৃথিৱীতে বিখ্যাত।
পৃথিৱীৰ সকলো গুৰুত্বপূৰ্ণ ঘটনাৰ সঠিক ভৱিষ্যতবাণী কৰা এইগৰাকী বাবা ভেঙ্গাই ২০২৩ বৰ্ষৰ বিষয়ে কিছু ভৱিষ্যতবাণী কৰিছে যিয়ে সকলোকে চিন্তিত কৰি তুলিছে ৷ বাবা ভেঙ্গাৰ পূৰ্বানুমান অনুসৰি ২০২৩ চনত সংঘটিত হ’ব এক ভয়ংকৰ জ্যোতিৰ্বৈজ্ঞানিক ঘটনা!বাবা ভেঙ্গাই ২০২৩ চনৰ বিষয়ে ভৱিষ্যতবাণী কৰি কৈছে যে ২০২৩চনত পৃথিৱী ইয়াৰ কক্ষপথৰ পৰা অলপ আঁতৰি যাব। যদিও পৃথিৱীৰ ভাৰসাম্যৰ ওপৰত বিশ্বব্ৰহ্মাণ্ডৰ কোনো গুৰুত্বপূৰ্ণ প্ৰভাৱ নপৰে তথাপি পৃথিৱীৰ সামান্য পৰিৱৰ্তনৰ ফলতো জলবায়ুৰ এক ডাঙৰ পৰিৱৰ্তন হ’ব পাৰে। যদি গ্ৰহটো সূৰ্যৰ ফালে যায়, তেন্তে প্ৰচণ্ড গৰম আৰু যদি ই আনফালে চলাচল কৰে তেন্তে ৰাতিটো ঠাণ্ডা আৰু দীঘলীয়া হ’ব। ইয়াৰ উপৰিও, সৌৰ ধুমুহাৰ ফলত বৈদ্যুতিক আধান, চুম্বকীয় ক্ষেত্ৰ আৰু বিকিৰণো বৃদ্ধি পাব ৷ যি লাখ লাখ পাৰমাণৱিক বোমাৰ বিস্ফোৰণৰ দৰে শক্তিশালী হ’ব আৰু প্ৰযুক্তিৰ ওপৰত ই আটাইতকৈ বেছিকৈ প্ৰভাৱ পেলাব।
কেৱল এয়াই নহয়, এই বছৰ বাবা ভেঙ্গাই এখন ডাঙৰ দেশৰ জৈৱিক অস্ত্ৰৰ ওপৰত গৱেষণাৰ ভৱিষ্যতবাণীও কৰিছে। তেওঁৰ মতে, এই পৰীক্ষাত হাজাৰ হাজাৰ লোক নিহত হ’ব। বাবা ভেঙ্গাই দাবী কৰিছে যে ২০২৩চনত পাৰমাণৱিক শক্তি প্ৰকল্পত এক বিস্ফোৰণ হ’ব পাৰে। অৱশ্যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ উত্তেজনাৰ সৈতে এই আশংকা ইতিমধ্যেই সঠিক প্ৰমাণিত হোৱা দেখা গৈছে। কেৱল এয়াই নহয়, তেওঁৰ মতে এই বৰ্ষত প্ৰাকৃতিক ভাৱে মানুহৰ জন্ম সমাপ্ত হ’ব আৰু মানুহ পৰীক্ষাগাৰত প্ৰস্তুত হ’ব।
তেওঁৰ ভৱিষ্যতবাণীৰ বাবে পৃথিৱীবিখ্যাত বাবা ভেঙ্গাই ১২ বছৰ বয়সত তেওঁৰ চকু দুটা হেৰুৱাইছিল, কিন্তু চকু অবিহনেই তেওঁ এনে এক শক্তি লাভ কৰিছিল যি তেওঁক ভৱিষ্যত চাবলৈ শক্তি প্ৰদান কৰিছে ৷ ।