বিশ্ব ক্ৰিকেটত নতুন শক্তি হৈ থিয় দিয়া আফগানিস্তান দল এতিয়া আগন্তুক টি-২০ ক্ৰিকেট বিশ্বকাপত অংশগ্ৰহণ কৰিব নাই সেই লৈ এতিয়া অনিশ্চয়তা আহি পৰিছে।যিহেতু দেশখনৰ ৬ খনকৈ ক্ৰিকেট ষ্টেডিয়াম ইতিমধ্যে তালিবানৰ দখলত।
সমগ্ৰ আফগানিস্তান তালিবানৰ দখললৈ যোৱাত দেশখনত এতিয়া খেলা-ধূলাৰ কোনো পৰিবেশ নাই।ইফালে টি-২০ ক্ৰিকেট বিশ্বকাপলৈ মাজত মাত্ৰ দুটা মাহ বাকী আছে। তেনে সময়তে দেশখনত উদ্ভৱ হোৱা অস্থিৰতাই বিনোদনৰ সকলো পথেই যেন বন্ধ কৰি দিলে।
বিশ্ব ক্ৰিকেটত নতুন শক্তি হৈ থিয় দিয়া দলটো এইবাৰ চুপাৰ টুৱেলভত খেলাৰ কথা আছিল।একেদৰে আই পি এলত ভাগ লোৱা তিনি আফগান তাৰকাৰ উপৰিও দলটোৱে এইবাৰ বিশ্বকাপতো অংশ লবলৈ প্ৰস্তুতি কৰিছিল।
জীৱন যুঁজত অৱতীৰ্ণ হোৱা ক্ৰিকেটাৰ সকলৰ মুজিব উৰ ৰহমান,ৰছিদ খান,মহম্মদ নবী দেশৰ বাহিৰত থকাৰ লগতে বাকী সকলো এই সময়ত আফগানিস্তানতে আছে।
ক্ৰিকেটৰ অনুশীলন কৰাটো দূৰৰ কথা আফগানিস্তান ক্ৰিকেট বৰ্ডে ইতিমধ্যে কাৰ্যালয়ত তলা লগাই বন্ধ কৰি আত্মগোপন কৰিছে। তেনেক্ষেত্ৰত দেশখনত খেলাৰ এটা সুস্থ পৰিবেশ হবলৈ আৰু কিমান দিন লাগিব তাৰ কোনো নিশ্চয়তা নাই।
টি-২০ বিশ্বকাপৰ লগতে বিশ্বকাপ ক্ৰিকেটত ভাগ লোৱাৰ সম্ভাৱনা নথকা এই দলটোক লৈ এতিয়া আই চি চিয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া সময়েহে ক’ব।