২০২২ চনৰ টি-২০ বিশ্বকাপত গ্ৰুপ পর্যায়ৰ শেষ ৰাউণ্ডৰ মেচসমূহ চলি আছে ৷ এতিয়ালৈকে কোনো দলে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিব নাই ৷ গ্ৰুপ ১ৰ পৰা নিউজিলেণ্ড, ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাৰ বিপৰীতে গ্ৰুপ ২ৰ পৰা ভাৰত, দক্ষিণ আফ্ৰিকা, পাকিস্তান আৰু বাংলাদেশৰ দৰে টীমে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিবলৈ খেলি আছে ৷ বিশ্বকাপত আয়াৰলেণ্ডে ইংলেণ্ডক পৰাস্ত কৰাৰ বিপৰীতে জিম্বাবুৱে পাকিস্তানক পৰাস্ত কৰি চর্চিত হৈছে ৷ এনে বিভিন্ন কাৰণত ছেমি ফাইনেলত কোনে স্থান লাভ কৰিব তাক লৈ অনুৰাগীৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে ৷
ইয়াৰ মাজতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙে আইচিচিৰ ৱেবছাইটৰ বাবে লিখা স্তম্ভত বিশ্বকাপৰ সম্ভাৱ্য চূড়ান্ত প্ৰতিযোগীৰ নাম প্ৰকাশ কৰিছে ৷ তেওঁ লিখিছে “সঁচা কথা ক’বলৈ গ’লে কোনে জানে মেলবৰ্ণত কোনে খেলিব? মই আশা কৰিছো অষ্ট্ৰেলিয়াই গ্ৰুপটোৰ মাজেৰে পাৰ হোৱাৰ উপায় বিচাৰি পাব। দক্ষিণ আফ্ৰিকা একমাত্ৰ অপৰাজিত দল যিয়ে ক’ব বিচাৰিছে যে তেওঁলোক বিপজ্জনক ৷ কিন্তু আৰম্ভনিতে মই ক’ব বিচাৰো যে অষ্ট্ৰেলিয়া বনাম ভাৰতৰ মাজতে হ’ব ফাইনেল।’
পণ্টিঙে লগতে কয় যে তেওঁ ১৩ নৱেম্বৰত মেলবৰ্ণত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত অংশগ্ৰহণ কৰিব। তেওঁ কয়-“মই ফাইনেলত থাকিম আৰু সঁচাকৈয়ে ৰৈ থাকিব নোৱাৰো। যদি এনেকুৱা মানুহ আছে যিয়ে আগতে এমচিজিয়ে ডাঙৰ খেল আয়োজন কৰা দেখা নাই, তেন্তে আপুনি আহি অভিজ্ঞতা লাভ কৰিব লাগিব। বুজাবলৈ কঠিন কিন্তু এই ঠাইখনে আপোনাক এনেকুৱা অনুভৱ কৰায়। ভাৰত বনাম পাকিস্তানৰ খেলখন আছিল এক ভয়ংকৰ দৃশ্য।মই নিশ্চিত যে আমি ফাইনেললৈ বিশেষ কিবা এটা দেখিবলৈ পাম ৷”