গুজৰাটৰ নির্বাচনৰ দিন ঘোষণা কৰাৰ এদিন পাছতে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰার্থীৰ নাম ঘোষণা কৰিছে আম আদমী পার্টী চমুকৈ আপে ৷ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব ইছুদান গড়বী ৷ শুকুৰবাৰে এই কথা ঘোষণা কৰে দলটোৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে।
ৰাজ্যখনৰ জনসাধাৰণে দাখিল কৰা মতামতৰ ভিত্তিত প্ৰাৰ্থীগৰাকীৰ নাম বাচনি কৰা হয়। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গড়বীৰ উপৰিও আপৰ ৰাজ্যিক কমিটীৰ সভাপতি গোপাল ইটালিয়া আৰু সাধাৰণ সম্পাদক মনোজ ছোৰাতিয়া মুখ্যমন্ত্ৰী পদৰ বাবে ভোট প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল ৷
যোৱা সপ্তাহত কেজৰিৱালে ৰাইজক এছএমএছ, হোৱাটছএপ, ভইচ মেইল আৰু ই-মেইলৰ জৰিয়তে দলটোৰ সৈতে যোগাযোগ কৰি বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ শাসনত থকা ৰাজ্যখনৰ দলটোৰ পৰা কোন মুখ্যমন্ত্ৰী প্ৰাৰ্থী হ’ব লাগে সেই সম্পৰ্কে নিজৰ মতামত দিবলৈ আহ্বান জনাইছিল ৷
কেজৰিৱালে কৈছিল যে ৩ নৱেম্বৰৰ সন্ধিয়ালৈকে মানুহে নিজৰ মতামত দাখিল কৰিব পাৰিব আৰু তেওঁলোকৰ মতামতৰ ভিত্তিত পিছদিনা দলটোৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ’ব।
সেই সময়ত কেজৰিৱালে লগতে কৈছিল- “পঞ্জাৱৰ নিৰ্বাচনৰ সময়ত আমি মানুহক সুধিছিলোঁ যে পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব লাগে। মানুহে ভগৱন্ত মানক বিপুল সংখ্যাগৰিষ্ঠতাৰে নাম ৰাখিছিল। আৰু জনসাধাৰণৰ ইচ্ছা অনুসৰি আমি তেওঁক মুখ্যমন্ত্ৰীৰ দায়িত্ব অর্পণ কৰিলো ।”
গুজৰাট নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে আপৰ নৱম তালিকা ঘোষণা কৰে ৷ এতিয়ালৈকে যিসকল প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে তেওঁলোকক ধৰি আপৰ প্ৰার্থীৰ সংখ্যা ১১৮ জনলৈ বৃদ্ধি পাইছে ৷ ১ আৰু ৫ ডিচেম্বৰত ভোটগ্ৰহণ তথা ৮ ডিচেম্বৰত ভোট গণনা কৰা হ’ব।