সমগ্ৰ ভাৰততে প্ৰভাৱ পৰিব ৮নৱেম্বৰ তাৰিখে হ’ব লগীয়া বৰ্ষৰ শেষৰটো চন্দ্ৰ গ্ৰহণৰ ৷ জানিব পৰা মতে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ । ইয়াৰ উপৰিও আমেৰিকা, অষ্ট্ৰেলিয়া, এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলতো এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ’ব ।
অহা ৮ নৱেম্বৰ মঙলবাৰে হ’বলগীয়া মহাকাশীয় পৰিঘটনাটো দুপৰীয়া ২:৪১ বজাৰ পৰা আৰম্ভ হৈ সন্ধিয়া ৬:২০ বজাত সমাপ্ত হ’ব। অৱশ্যে ভাৰতৰ কেইখনমান ঠাইতহে সম্পূৰ্ণকৈ দৃশ্যমান হোৱাৰ বিপৰীতে বেছিভাগ ঠাইতে আংশিকভাৱে দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ । আনহাতে ভাৰতৰ বাহিৰেও আমেৰিকাত এই মহাকাশীয় পৰিঘটনাটো সম্পূৰ্ণৰূপে দৃশ্যমান হ’ব ।
উল্লেখযোগ্য যে ৮ নৱেম্বৰত ভাৰতৰ উত্তৰ-পূব দিশত এই চন্দ্ৰগ্ৰহণ প্ৰথমে দৃশ্যমান হ’ব। উত্তৰ-পূব ভাৰতৰ অন্যতম ৰাজ্য অৰুণাচল প্ৰদেশৰ বাসিন্দা সকল প্ৰথমতেই সাক্ষী হ’ব এই পৰিঘটনাৰ ৷অৱশ্যে উত্তৰ-পূব অঞ্চলৰ বাহিৰে ভাৰতৰ সকলো ৰাজ্যতে আংশিক চন্দ্ৰগ্ৰহণহে দেখা যাব৷ ভাৰতৰ বাহিৰেও এছিয়া, অষ্ট্ৰেলিয়া, প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ-পূব ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা আদি দেশৰ বেছিভাগ ঠাইতে বছৰৰ শেষৰ এই চন্দ্ৰ গ্ৰহণৰ পৰিঘটনা দৃশ্যমান হ’ব ৷
অৱশ্যে দক্ষিণ পশ্চিম ইউৰোপ, আফ্ৰিকাত দৃশ্যমান নহ’ব বছৰটোৰ এই শেষৰটো চন্দ্ৰগ্ৰহণ ।