ফটোখনত দেখা পোৱা এই মৰমলগা কণমানি ছোৱালীজনী কোন চিনি পাইছেনে ? ডাঙৰ হৈ অভিনয়ৰ জৰিয়তে যি ভাৰতৰ চলচ্চিত্ৰ জগতত এগৰাকী নায়িকা ৰূপে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয় । অৱশ্যে তেওঁ অতি কম সংখ্যক ছবিত অভিনয় কৰিছিল যদিও প্ৰতিখন ছবিতে তেওঁ নিজৰ শক্তিশালী অভিনয়ে দৰ্শকক আপ্লুত কৰিছিল ৷ ১৩ বছৰ বয়সৰ পৰাই এই অভিনেত্ৰী গৰাকী আছিল যথেষ্ট জনপ্ৰিয়। আনহাতে শৈশৱত বহু বিজ্ঞাপনতো অভিনয় কৰিছিল তেওঁ ।
বৰ্তমান তেওঁ এজন ৰাজনীতিবিদৰ পৰিয়ালৰ বোৱাৰী। এতিয়ালৈকে আপোনালোকে নিশ্চয় এই অভিনেত্ৰী গৰাকী কোন চিনি পাইছে ৷ এইখন এসময়ৰ মোহময়ী অভিনেত্ৰী আয়েছা টাকিয়াৰ শৈশৱৰ ফটো।
আয়েছা টাকিয়াই নিজৰ এই শৈশৱৰ ফট’খন সামাজিক মাধ্যমত পোষ্ট কৰিছে। পৰিয়ালৰ এলবামৰ পৰা শ্বেয়াৰ কৰা ফটোখনত তেওঁক পিতৃ-মাতৃৰ সৈতে দেখা গৈছে। ফটোখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰি আয়েশাই কেপচন দিলে “মা, দেউতা আৰু মই” আৰু লগতে হেচটেগ ব্যৱহাৰ কৰি লিখিলে ‘শৈশৱৰ স্মৃতি’ আৰু ‘পৰিয়াল’ ।
২০০৯ চনত আয়েছা টাকিয়া, ফাৰহান আজমীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁলোকৰ একমাত্ৰ পুত্ৰ মাইকেল ।উল্লেখযোগ্য যে ২০১৩ চনত শেষবাৰৰ বাবে ‘আপ কে লিয়ে হম’ ছবিখনত দেখা গৈছিল অভিনেত্ৰী আয়েছা টাকিয়াক । এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে এতিয়া তেওঁ তেওঁৰ পুত্ৰক সময় দিয়া উচিত । তেওঁ ভাবে যে সকলো অভিভাৱকেই জানে যে ই এক গুৰু দায়িত্ব। আনহাতে নিজ সন্তানৰ সৈতে হোৱা অভিজ্ঞতা তেওঁৰ বাবে অসাধাৰণ ।
আয়েছা টাকিয়াক এতিয়া ছবিত দেখা নাযায় যদিও ছ’চিয়েল মিডিয়াত অনুৰাগীসকলৰ সৈতে জড়িত হৈ আছে তেওঁ ৷ মাজে মাজে সামাজিক মাধ্যমত ফটো ভিডিঅ’ শ্বেয়াৰ কৰি থকা আয়েশাক ইনষ্টাগ্ৰামত ১২ লাখ লোকে অনুসৰণ কৰে। আজিকালি পাৰিবাৰিক জীৱনটো উপভোগ কৰি ভাল পোৱা আয়েছা টাকিয়াক প্ৰায়বোৰ ফটোতে পৰিয়াল আৰু সন্তানৰ সৈতে দেখা পোৱা যায় । দেখাতো অৱশ্যে বহুত সলনি হৈছে তেওঁ ।
২০০৪ চনৰ ‘টাৰ্জান: দ্য ৱাণ্ডাৰ কাৰ’ৰ জৰিয়তে বলীউডলত নিজস্ব এক স্থান দখল কৰা আয়েছা টাকিয়াই একে সময়তে ‘য়েহ দিল মাংগে ম’ৰ, চোচা না থা, কেশ, চালাম-এ-ইশ্ক, পাঠশালা, ৱাণ্টেড আৰু দৌৰ আদি ছবিত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছিল ।