কেইবাবাৰো ব্যৰ্থ প্ৰচেষ্টাৰ পিছত আমেৰিকাৰ আগশাৰীৰ মহাকাশ সংস্থা নাছাই পুনৰ চন্দ্ৰ অভিমুখে মহাকাশযান প্ৰেৰণ কৰিবলৈ সাজু হৈছে ৷ অহা ১৪ নৱেম্বৰত মহাকাশলৈ আৰ্টেমিছ –প্ৰথম মহাকাশযান উৎক্ষেপণ কৰিবলৈ সক্ষম হ’ব বূলি নাছাই আশা প্ৰকাশ কৰিছে ৷
আৰ্টেমিছ মিছনৰ জৰিয়তে চন্দ্ৰপৃষ্ঠলৈ মানৱ প্ৰেৰণৰ পৰিকল্পনা কৰা হৈছে ৷ ইয়াৰ বাবে প্ৰথমে গভীৰ মহাকাশত মানৱ অন্বেষণৰ বাবে এক ভেটি প্ৰদান কৰিব আর্টেমিছ-প্ৰথম অভিযানে ৷ ১৪ নৱেম্বৰৰ পুৱা আন্তঃৰাষ্ট্ৰীয় সময় অনুসৰি ১২.০৭ বজাত (ভাৰতৰ সময় অনুসৰি নিশা ১০.৩৭ বজাত) মহাকাশযানখন উৎক্ষেপন কৰা হ’ব ৷
আৰ্টেমিছ প্ৰথম হৈছে নাছাৰ স্পেচ লঞ্চ চিষ্টেম (এছএলএছ) ৰকেট ৷ এই মহাকাশযানত কোনো মানৱ নঅকে ৷ কিন্তু চন্দ্ৰপৃষ্ঠলৈ মানৱ প্ৰেৰণৰ সম্ভাৱনা সন্দর্ভত ই অন্বেষণ কৰিব ৷ চন্দ্ৰপৃষ্ঠৰ বিভিন্ন তথ্য এই মহাকাশযান খনৰ জৰিয়তে লাভ কৰাৰ পাছতে পৰৱর্তী মহাকাশযানৰ জৰিয়তে মানৱ প্ৰেৰণ কৰিবলৈ নাছাই পৰিকল্পনা যুগুত কৰিছে ৷
নাছাই কয় যে ৪ নৱেম্বৰত “আৰ্টেমিছ-প্ৰথম মিছনৰ বাবে স্পেচ লঞ্চ চিষ্টেম ৰকেট আৰু অৰিয়ান মহাকাশযানখনে ভেহিকেল এছেম্বলী বিল্ডিঙৰ পৰা প্ৰায় ৯ ঘণ্টাৰ যাত্ৰাৰ অন্তত ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰত ৩৯বি লঞ্চ পেডত উপস্থিত হয়।
ছেপ্টেম্বৰ মাহত আমেৰিকাৰ মহাকাশ সংস্থাই সৌৰ ধুমুহাৰ বাবে আৰ্টেমিছ প্ৰথম উৎক্ষেপণ বাতিল কৰিছিল।৩ ছেপ্টেম্বৰত নাছাই আৰ্টেমিছ প্ৰথম উৎক্ষেপণৰ চেষ্টা কৰিছিল যদিও তৰল হাইড্ৰজেন নির্গমন হোৱাটো ধৰা পৰাৰ পিছত ইয়াক বন্ধ কৰি দিছিল।
আমেৰিকাৰ মহাকাশ সংস্থাটোৱে ৩০ আগষ্টত এছ এল এছ ৰকেটৰ এটা ইঞ্জিনৰ কাৰিকৰী বিজুতিৰ বাবে প্ৰথমবাৰৰ বাবে এই অভিযান বাতিল কৰিছিল ৷