চলিত টি-২০ বিশ্বকাপত অসাধাৰণ ফৰ্মত থকা ভাৰতীয় ক্ৰিকেট টীমৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে ৮২ ৰান সংগ্ৰহকে ধৰি তিনিটা অৰ্ধশতক কৰিবলৈ সক্ষম হৈছে ৷ বিশ্বকাপৰ প্ৰদর্শনৰ বাবে সোমবাৰে যোৱা অক্টোবৰ মাহৰ আইচিচিৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় বিৰাট কোহলি । কোহলিৰ সৈতে জিম্বাবুৱেৰ চিকন্দৰ ৰাজা আৰু দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰ এই বঁটাৰ বাবে মনোনীত হৈছিল ৷ ভাৰতীয় বেটছমেনগৰাকীয়ে তেওঁলোকক পৰাস্ত কৰি এই খিতাপ দখল কৰে। পাকিস্তানৰ প্ৰবীণ অল ৰাউণ্ডাৰ নিদা দাৰ মহিলা এছিয়া কাপত তেওঁৰ বিস্ময়কৰ ফৰ্মৰ বাবে আইচিচিৰ মহিলাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে।
৩৪ বছৰীয়া কোহলীয়ে অক্টোবৰ মাহত মাত্ৰ চাৰিটা ইনিংছতে বেটিং কৰিছিল যদিও টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে যাদুকৰী অপৰাজিত ৮২ ৰানকে ধৰি প্ৰতিযোগিতাখনত নেদাৰলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধেও তেওঁ অৰ্ধশতক কৰিবলৈ সক্ষম হৈছে ৷
কোহলীয়ে এই সন্মান লাভ কৰি কয় যে অক্টোবৰ মাহৰ আইচিচিৰ পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে স্বীকৃতি পোৱাটো তেওঁৰ বাবে এক বৃহৎ সন্মান। তেওঁ লগতে মাহটোত ইমান ভাল প্ৰদৰ্শন কৰা আন মনোনীত ক্ৰিকেটাৰসকলক আৰু সতীৰ্থসকলকো কৃতজ্ঞাতা জ্ঞাপন কৰে ৷