আজি কাশীত উদযাপন কৰা হৈছে ‘দেৱ দীপাৱলী ৷ কাৰ্তিক পূৰ্ণিমাৰ দিনা অৰ্থাৎ ৮ নৱেম্বৰত চন্দ্ৰগ্ৰহণৰ বাবে ৭ নৱেম্বৰত অৰ্থাৎ আজি পালন কৰা হৈছে এই ‘দেৱ দীপাৱালী’ উৎসৱ ৷ যাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু কাশী বিশ্বনাথ ধামত দেৱ দীপাৱলী উৎসৱক স্মৰণীয় কৰি তোলাৰ বাবে ব্যস্ত হৈ পৰিছে মন্দিৰ প্ৰশাসন।এই উদযাপনৰ বাবে ৮০ লাখ টকাৰ ফুলেৰে সজাই তোলা হৈছে বাবা বিশ্বনাথৰ ধাম । বিশাখাপট্টনমৰ শিপিনীসকলে সজাই তুলিছে বাবাৰ ধাম ।
বিশ্বাস কৰা হয় যে ভগৱান শ্ৰী হৰি বিষ্ণু দেৱোথান একাদশীত টোপনিৰ পৰা সাৰ পাই আৰু তাৰ পিছত তেওঁ মহাদেৱৰ নগৰ কাশীলৈ আহে দেৱতাসকলৰ সৈতে দীপাৱলী পালন কৰিবলৈ। এই উৎসৱ পালনৰ বাবে কাশীৰ পবিত্ৰ গংগাঘাটত দেৱতাসকলে অদৃশ্য ৰূপত অৱতাৰ লৈ মহা আৰতিৰ লগত জড়িত ভক্তসকলৰ পৰিত্ৰাণৰ পথ প্ৰশস্ত কৰে। দেৱ দীপাৱালীৰ বিষয়ে শিৱ পুৰাণত পোৱা বৰ্ণনা অনুসৰি কাৰ্তিক মাহৰ এই দিনটোতে ভগৱান বিষ্ণুৱে ত্ৰিপুৰাসুৰ নামৰ এজন অসুৰক বধ কৰিছিল। ইয়াৰ পিছৰ পৰাই দেৱতাসকলে এই দীপাৱালী উদযাপন কৰে।দেৱতাসকলে উদযাপন কৰা এই দেৱালীক সেয়েহে ‘দেৱ-দীপাৱলী’ বুলি কোৱা হয় ৷ দেৱ দীপাৱালী উপলক্ষে পুৱাৰে পৰা কাশীৰ ঘাট যেন ভক্তিৰ সাগৰত ডুব যায়। কাতি মাহৰ এই দিনটোত এগছি প্ৰদীপ দান কৰিলে পূৰ্বপুৰুষসকলে মোক্ষ লাভ কৰে আৰু প্ৰদীপ দান কৰা ভক্তৰ সমান্তৰালভাৱে মোক্ষৰ পথো লাভ কৰে বুলিও বিশ্বাস ।
১০ লাখ চাকিৰ পোহৰেৰে আলোকিত হ’ব কাশী
বহু বছৰ ধৰি কাশীত দেৱ দীপাৱালী পালন কৰি অহা হৈছে ৷এই উপলক্ষে গংগাৰ পাৰত লাখ লাখ বন্তি জ্বলোৱা হয় যেন গংগাই চাকিৰ মালাহে পিন্ধিছে ৷ এনে লাগে যেন আকাশৰ তৰাবোৰ মাটিলৈ নামি আহিছে। আজি এই দৃশ্য দেখা যাব কাশীত ৷ বিশ্বাস অনুসৰি আজি আকাশৰ দেৱতাসকল নামি আহিব দেৱাদিদেৱ মহাদেৱৰ নগৰত দীপাৱলী উদযাপন কৰিবলৈ। বছৰৰ পিছত বছৰ ধৰি এই অতিপ্ৰাকৃতিক দেৱ দীপাৱলী উপলক্ষে যোগী চৰকাৰে বাৰাণসীত গংগাৰ দুয়োপাৰ মুঠ ১০ লাখ চাকিৰ পোহৰেৰে আলোকিত কৰিব। ইয়াৰ উপৰিও আজি কাশীৰ ঘাটসমূহত অমৃত মহোৎসৱৰো আভাস দেখা যাব। লগতে আয়োজন কৰা হ’ব সাংস্কৃতিক অনুষ্ঠানৰ ।
উল্লেখযোগ্য যে কাশীৰ ঘাটৰ এই দৃশ্য চাবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে। আজি সন্ধিয়া কাশীৰ পুখুৰী আৰু জলাশয়সমূহতো চাকি জ্বলোৱা হয়। ইতিমধ্যে দেৱ দীপাৱলীত হোটেল, গেষ্ট হাউচ, নাও, বাৰ্জ, নাও আৰু ক্ৰুজ আদিৰ প্ৰি-বুকিং কৰা হৈছে। যোগী চৰকাৰে চেত সিং ঘাটত প্ৰথমবাৰৰ বাবে ৩ডি প্ৰজেক্টিৎ মেপিং লে’জাৰ শ্ব’(3D Projection Mapping Laser Show)ৰ আয়োজন কৰিছে। কাশীৰ ঘাটৰ পাৰত যুগ যুগ ধৰি সগৌৰৱে মূৰ তুলি থিয় হৈ থকা ঐতিহাসিক অট্টালিকাবোৰ আজি সজীৱ হৈ উঠিব। আনহাতে গংগাৰ কোলাত অনুষ্ঠিত হ’ব শিৱ ভজনৰ লেজাৰ আৰু লাইট মাল্টিমিডিয়া শ্ব’।