জিম্বাবুৱেৰ বিৰুদ্ধে ৰোহিত শর্মাৰ নেতৃত্বত টিম ইণ্ডিয়াই গ্ৰুপ লিডাৰ হিচাপে টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। পৰৱর্তী সময়ত ইংলেণ্ডৰ বিৰুদ্ধে ছেমিফাইনেলত মুখামুখি হ’ব ভাৰতীয় দলটো ৷ ইয়াৰ বাবে নিজকে সম্পূর্ণৰূপে সাজু কৰি তুলিছে ভাৰতীয় দলটোৱে ৷ আগন্তুক ছেমি ফাইনেলৰ প্ৰতি লক্ষ্য ৰাখি বলাৰসকলৰ ক্ষেত্ৰত বেশেষ গুৰুত্ব আৰোপ কৰা হৈছে ৷ ইয়াৰ প্ৰমাণ পোৱা গ’ল ছেমি ফাইনেলৰ বাবে দলটো মেলবর্নৰ পৰা এদিলেইডলৈ ওভতি অহাৰ সময়ত ৷ এই যাত্ৰাৰ সময়ত মুখ্য প্ৰশিক্ষক দ্ৰাবিড়ৰ সৈতে ৰোহিত শর্মা-বিৰাট কোহলীয়ে ভাৰতীয় পেচাৰসকলৰ বাবে ব্যৱসায়িক শ্ৰেণীৰ আসন এৰি দিয়ে ৷ভাৰতীয় পেচাৰ মহম্মদ ছামি, ভুৱনেশ্বৰ কুমাৰ, হাৰ্দিক পাণ্ডিয়া আৰু আৰ্শদীপ সিঙে যাতে পৰ্যাপ্ত লেগৰুম পায় তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে বিমান ভ্ৰমণৰ সময়ত নিজৰ বিজনেচ(ব্যৱসায়িক) শ্ৰেণীৰ আসন এৰি দিয়ে ৷
মেলবৰ্ণত গ্ৰুপৰ অন্তিমখন খেল খেলাৰ পিছত ৰোহিত নেতৃত্বাধীন দলটোৱে বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেল খেলৰ বাবে এডিলেইডত উপস্থিত হৈছে । অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা বিশ্ব টি-২০ অভিযানৰ সময়ত ভাৰতীয় দলটোৱে প্ৰায় ৩৪ হাজাৰ কিলোমিটাৰ যাত্ৰা কৰিব ৷ ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াত বিভিন্ন স্থানলৈ যাত্ৰা কৰাৰ সময়ত বেগী বলাৰসকলে আৰামদায়ক যাত্ৰা লাভ কৰাটো নিশ্চিত কৰিব বিচাৰিছে ৷
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) নিয়ম অনুসৰি দলসমূহৰ বাবে চাৰিখন ব্যৱসায়িক শ্ৰেণীৰ আসন থাকে ৷ যিবোৰ সাধাৰণতে প্ৰশিক্ষক, অধিনায়ক, উপ-অধিনায়ক আৰু পৰিচালকক প্ৰদান কৰা হয় ৷