অষ্ট্ৰেলিয়াত চলি থকা টি-২০ বিশ্বকাপৰ সময়ত কেইবাজনো ক্ৰিকেটাৰে নতুন অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰে ভিতৰত অন্যতম হৈছে ভাৰতীয় ক্ৰিকেটাৰৰ বিৰাট কোহলি ৷ আজি অনুষ্ঠিত ছেমি ফাইনেলত পুনৰ আন এক নতুন অভিলেখেৰে বিশ্ব ক্ৰিকেটত তেওঁ নিজৰ খোপনি অধিক শক্তিশালী কৰিবলৈ সক্ষম হ’ল ৷ বৃহস্পতিবাৰে টি-২০ত ৪ হাজাৰ ৰানৰ সীমা অতিক্ৰম কৰা বিশ্ব ক্ৰিকেটৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় বিৰাট কোহলি। এডিলেইড অভালত ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত তেওঁ এই কৃতিত্ব অৰ্জন কৰে। আজিৰ ছেমি ফাইনেলত ভাৰতে প্ৰথমে বেটিং কৰে ৷ কিন্তু কম ৰাণতে কে এল ৰাহুল আৰু ৰোহিত শৰ্মাক হেৰুৱাই দলটোৰ স্থিতি দূর্বল হৈ পৰে ৷ সেই সময়তে অর্ধ শতকেৰে কোহলিয়ে ভাৰসাম্য ৰাখিবলৈ সক্ষম হয় ৷ লগতে তেওঁ টি ২০ত ৪ হাজাৰ ৰানৰ সীমা অতিক্ৰম কৰে ৷
ইনিংছৰ দ্বিতীয় অভাৰত কে এল ৰাহুলে আউট হোৱাৰ পাছত বেটিং কৰিবলৈ ওলাই আহিছিল কোহলীয়ে।বিৰাট কোহলীয়ে ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ৫০ ৰান কৰি আউট হয় ৷ কোহলি পুৰুষৰ টি-২০ত অগ্ৰণী ৰান সংগ্ৰহকাৰী ৷ দ্বিতীয় স্থানত আছে ৰোহিত শর্মা ৷ তেওঁ সংগ্ৰহ কৰিছে ৩,৮৫৩ ৰান ৷
চলি থকা টি-২০ বিশ্বকাপত ৩৪ বছৰীয়া কোহলীয়ে যাদুকৰী ফৰ্মত আছে ৷ টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে যাদুকৰী ৮২ ৰানকে ধৰি তিনিটা স্মৰণীয় অর্ধশতকেৰে তেওঁ দলটোক আগুৱাই নিছে ৷ । চলি থকা প্ৰতিযোগিতাখনত নেদাৰলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধেও তেওঁ অৰ্ধশতক পঞ্জীয়ন কৰিছে।