বৃহস্পতিবাৰে টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে শোচনীয়ভাৱে পৰাজিত হোৱাৰ পাছতে ভাৰতীয় টি-২০ ক্ৰিকেট টীমত ব্যাপক সাল-সলনিৰ প্ৰস্তুতি আৰম্ভ হৈছে ৷ বিচিচিআইৰ এক সূত্ৰই সদৰী কৰা অনুসৰি অহা বর্ষৰ ভিতৰত দলৰ পৰা বাদ পৰিব বহু জ্যেষ্ঠ খেলুৱৈ ৷ ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু ৰবিচন্দ্ৰন অশ্বিনৰ দৰে জ্যেষ্ঠ খেলুৱৈক ক্ৰমান্বয়ে টি ২০ দলৰ পৰা অব্যাহতি দিয়া হ’ব ৷ অৱশ্যে বিচিচিআইয়ে টি-২০ৰ ক্ষেত্ৰত ভৱিষ্যতৰ সিদ্ধান্ত কোহলি আৰু ৰোহিতৰ ওপৰত এৰি দিব। পৰৱৰ্তী টি-২০ বিশ্বকাপলৈ এতিয়াও দুবছৰ বাকী আছে ৷ ইয়াৰ পূর্বে সালসলনি কৰিলে হাৰ্দিক পাণ্ডিয়াক দীৰ্ঘম্যাদী অধিনায়কত্ব প্ৰদান কৰি নতুন দল গঠন কৰা হ’ব ৷
বিচিচিআইৰ এক সূত্ৰই সংবাদ মাধ্যমক জনোৱা মতে বিচিচিআইয়ে কেতিয়াও কাকো অৱসৰ ল’বলৈ কোৱা নাই। ই এক ব্যক্তিগত সিদ্ধান্ত। ২০২৩ চনত বেছিভাগ জ্যেষ্ঠ খেলুৱৈ এদিনীয়া আৰু টেষ্ট মেচত মনোনিৱেশ কৰিব। সূত্ৰটোৱে লগতে কয় যে তেওঁলোকে নিবিচাৰিলে অৱসৰ ঘোষণা কৰাৰ প্ৰয়োজন নাই। অহা বছৰ বেছিভাগ জ্যেষ্ঠ খেলুৱৈক টি-২০ খেলাত দেখা নাপাব।
‘অহা এবছৰৰ ভিতৰত ভাৰতে অতি কম সংখ্যক টি-২০ মেচ খেলিব ৷ কিয়নো ভাৰতে কমেও ২৫খন এদিনীয়া মেচ খেলিব ৷তদুপৰি অহা বছৰৰ এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব ৷ ইয়াৰ বিপৰীতে ভাৰতে মাত্ৰ ১২খন টি-২০ মেচ খেলিব ৷ অহা সপ্তাহত নিউজিলেণ্ডত তিনিখন মেচ খেলিব ভাৰতীয় দলটোৱে ৷