ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰত আজীৱন কাৰাদণ্ডৰে দণ্ডিত নলিনী শ্ৰীহৰণ আৰু আন পাঁচজন দোষীক মুকলি কৰি দিবলৈ আজি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে।
তামিলনাডু চৰকাৰে ইয়াৰ পূৰ্বে ৰাজ্যপালক তেওঁলোকক মুকলি কৰি দিয়াৰ পৰামৰ্শ দিছিল বুলি উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে।তদুপৰি মে’ মাহত আন এজন দোষী পেৰাৰিভালানক শীৰ্ষ আদালতে মুকলি কৰি দিছিল। নলিনীৰ উপৰিও ১৯৯১ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ অপৰাধত জেলত থকা আন কেইজন আছিল শ্ৰীহৰণ, সন্থন, মুৰুগান, ৰবাৰ্ট পায়াছ আৰু ৰবিচন্দ্ৰন।
১৯৯১ চনৰ ২১ মে’ত তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত তামিল টাইগাৰছ এল টি টি ই গোটৰ এগৰাকী মহিলা আত্মঘাতী বোমাৰুৱে ৰাজীৱ গান্ধীক হত্যা কৰিছিল।