মঙলবাৰে কন্যা দেৱীসহ হাস্পতালৰ পৰা ঘৰলৈ ওভতিল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী বিপাশা বসু আৰু কৰণ সিং গ্ৰভাৰ ৷ মঙলবাৰে পুৱা মুম্বাইৰ ঘৰত উপস্থিত হয় দম্পত্তিহাল ৷ বিপাশাই শনিবাৰে মুম্বাইৰ এখন চিকিৎসালয়ত কন্যা সন্তান জন্ম দিছিল। তেতিয়াৰ পৰাই মাতৃ আৰু সন্তান দুয়োজনেই চিকিৎসালয়ত আছিল ৷
এয়া কৰণ সিং গ্ৰভাৰ আৰু বিপাশাৰ প্ৰথম সন্তান। ২০১৫ চনৰ তেওঁলোক এল’ন ছবিৰ চেটত লগ হৈছিল আৰু পিছৰ বছৰত বিবাহপাশত আবদ্ধ হয়। বিপাশাই চলিত বৰ্ষৰ আগষ্ট মাহত গর্ভধাৰণ কৰাৰ কথা প্ৰকাশ কৰিছিল ৷
শনিবাৰে তেওঁলোকে ছ’চিয়েল মিডিয়াত সন্তানৰ জন্মৰ কথা প্ৰকাশ কৰাৰ লগতে কেঁচুৱাৰ নাম দেৱী বসু সিং গ্ৰ’ভাৰ বুলি সদৰী কৰে ৷ ।
বিপাশাই প্ৰকাশ কৰিছিল যে তেওঁ গৰ্ভাৱস্থাৰ অন্তিম তিনিমাহ সম্পূর্ণ জিৰণি লৈছিল । ইয়াৰ পূৰ্বে হিন্দুস্তান টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিপাশাই শ্বেয়াৰ কৰিছিল যে তেওঁ আৰু কৰণে ক’ভিড মহামাৰীৰ পূৰ্বে পৰিকল্পনা কৰিছিল যদিও মহামাৰীৰ বাবে তেওঁলোকে এই ধাৰণাটো বাদ দিছিল।