আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হ’ল ক্ৰীড়া। কিছুমান মানুহে সুস্থ সবল হৈ থকাৰ বাবেও নিজৰ দৈনন্দিন কাম-কাজৰ তালিকাত ক্ৰীড়াক অন্তৰ্ভুক্ত কৰে। আনহাতে বহুতে আকৌ ফুটবল আৰু বাস্কেটবলক নিজৰ চখ হিচাপে গণ্য কৰে। প্ৰায়ে এনে লোক কোনো বিশেষ খেলুৱৈৰ অনুৰাগীও হয়। সেয়েহে বহুসময়ত তেওঁলোকে সেই নিৰ্দিষ্ট খেলুৱৈ সকলৰ খেলা সামগ্ৰী কিনিবৰ বাবে হাজাৰ হাজাৰ টকা খৰচ কৰে।
‘লাইফষ্টাইল নামা’ নামে এটি সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি আজি এনে ৫যোৰ মূল্যবান জোতাৰ বিষয়ে জনাব খুজিছোঁ ৷ কাৰণ এই জোতা কেইযোৰ কেইগৰাকীমান বিশ্ববিখ্যাত খেলুৱৈ বা চেলিব্ৰিটিয়ে পিন্ধা ।
চলিড গ’ল্ড অৱ’ এক্স এয়াৰ জৰ্ডান-
বিশ্বৰ আটাইতকৈ দামী এই স্নিকাৰ যোৰ হৈছে ‘চলিড গ’ল্ড অৱ’ এক্স এয়াৰ জৰ্ডান’, যাৰ মূল্য ২০ লাখ ডলাৰ। ভাৰতীয় মুদ্ৰাত এই মূল্য ১৪.৮৬ কোটি টকা। ২০১৬ চনত অন্যতম জনপ্ৰিয় ৰেপাৰ ড্ৰেকৰ বাবে নিৰ্মাণ কৰা হৈছিল এই জোতা। উল্লেখযোগ্য যে এই জোতা নিৰ্মাণত প্ৰয়োগ কৰা হৈছে ২৪ কেৰেট সোণ।
মাইকেল জৰ্ডানৰ গেম ৱাৰ্ণ কনভাৰ্ছ ফাষ্টব্ৰেক-
২০১৭ চনত নিলামত এইযোৰ জোতা বিক্ৰী হৈছিল ১৯০,৩৭৩ ডলাৰ (১.৪১ কোটি টকা)ত। এই স্নিকাৰযোৰ হৈছে বিক্ৰীৰ বাবে মুকলি হোৱা প্ৰথম এথলীট জোতা। বিখ্যাত বাস্কেটবল খেলুৱৈ মাইকেল জৰ্ডানে এই জোতাৰ ওপৰত নিজৰ অটোগ্ৰাফ দিছিল। ইয়াৰ ফলত এই জোতাযোৰে এক স্বকীয়তা লাভ কৰিছিল। ইয়াত লিখা আছে “১৯৮২ এনচিএএ চেম্পিয়নশ্বিপ” ৷ ইয়াৰ পৰা বুজা যায় যে ১৯৮২ চনৰ এনচিএএ চেম্পিয়নশ্বিপ ছিজনত নৰ্থ কেৰ’লিনা বিশ্ববিদ্যালয়ত এইজন খেলুৱৈয়ে এই স্নিকাৰ পিন্ধিছিল।সেয়েহে এই জোতাৰ মূল্য আন জোতাৰ তুলনাত অধিক ৷
বুচেমি ১০০মিমি ডাইমণ্ড-
যুৱ আমেৰিকান ব্ৰেণ্ড বুচেমি ১০০মিমি ডাইমণ্ড নামৰ এই স্নিকাৰ যোৰ সোণ আৰু হীৰাৰে তৈয়াৰী। এই মডেলটো ২০১৬ চনত মুকলি কৰা হৈছিল যাৰ মূল্য আছিল ১৩২,০০০ ডলাৰ (৯.৮১ কোটি টকা)। ইয়াক কেৱল বগা আৰু ক্লাছিক ৰঙা-বাদামী ৰঙেৰে তৈয়াৰ কৰা হৈছে । ইয়াৰ প্ৰকৃত আকৰ্ষণ হৈছে ১৮ কেৰেট সোণৰ ব্যৱহাৰ।
এয়াৰ জৰ্ডান ১২ (ফ্লু গেম-
এয়াৰ জৰ্ডান ১২ (ফ্লু গেম) স্নিকাৰৰ মূল্য ১০৪,০০০ ডলাৰ (৭.৭৩ কোটি টকা)। এই জোতাযোৰৰ আছে এক নিজস্ব ইতিহাস । ১৯৯৬/৯৭ চনত এনবিএ ফাইনেলত ইউটা জাজৰ বিৰুদ্ধে মাইকেল জৰ্ডানে এই জোতাযোৰ পিন্ধিছিল। খেলৰ অন্তত খেলুৱৈগৰাকীয়ে স্নিকাৰযোৰত চহী কৰি এজন অনুৰাগীক দিয়াৰ পিছত এই স্নিকাৰ নিলামত বিক্ৰী কৰা হয়।
এয়াৰ জৰ্ডান ১২ অ’ভিঅ’ (ড্ৰেক এডিচন)-
এই মডেলটো ২০১৬ চনত মাইকেল জৰ্ডান আৰু অ’ভিঅ’ ৰেপাৰ ড্ৰেকৰ সহযোগত নিৰ্মাণ কৰা হৈছিল। যাৰ মূল্য ১ লাখ ডলাৰ (৭.৪৩ কোটি টকা)। মুক্তিৰ পিছত এই জোতাযোৰ বহু ক্ৰীড়া তাৰকা, ৰেপাৰ আৰু অন্যান্য চেলিব্ৰিটিসকলৰ ষ্টেটাছ আইটেম হৈ পৰে। জোতাযোৰৰ ড্ৰেক ভেৰিয়েন্টটো বগা আৰু সোণালী ৰঙেৰে ডিজাইন কৰা হৈছে। জাপানৰ পতাকাত সূৰ্য্যৰ ৰশ্মিৰ ছবিৰ পৰাই ইয়াৰ ডিজাইনৰ ধাৰণা আহিছিল বুলি জানিব পৰা যায় ।