২০ নৱেম্বৰত কাটাৰত আৰম্ভ হ’বলগীয়া ফিফা বিশ্বকাপ ২০২২ক লৈ ফুটবল অনুৰাগীসকলৰ মাজত উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে ৷ স্বাভিৱকতে বিশ্বকাপৰ স্থানসমূহলৈ আগমণ ঘটা ব্যাপক সংখ্যক পর্যটক তথা অনুৰাগীৰ বাবে পাৰ্টি চেণ্টাৰত পৰিণত হয় ৷ খেলৰ দিনসমূহত সমগ্ৰ নিশা অনুৰাগীসকলে আনন্দ উল্লাস কৰে। কিন্তু এই বছৰ সেই সকলোবোৰ নিয়ম সলনি হোৱাটো নিশ্চিত ৷ পর্যটকসকল বিশ্বকাপৰ সময়ত অধিক সচেতন নহ’লে সন্মুখীন হ’ব পাৰে বিপদৰ ৷ কাৰণ এইবাৰ বিশ্বকাপ অনুষ্ঠিত হৈছে ইছলামিক আিনৰ কেতবোৰ ৰক্ষণশীল নিয়মৰ মাজেৰে চলা কাটাৰত ।
ফুটবল অনুৰাগীসকলক কাটাৰৰ আইন আৰু সাংস্কৃতিক ৰীতি-নীতিৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনাইছে আয়োজক দেশখনে ৷ য’ত সুৰা, ড্ৰাগছ, যৌনতা আৰু সাজ-পোছাকৰ ক্ষেত্ৰত আছে কঠোৰ বাধ্য-বাধকতা । সাজ-পোছাকৰ বাছনিৰ বিষয়ে বিশেষভাৱে ক’বলৈ গ’লে কাটাৰে বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে পৰ্যটকসকলে নিজৰ সাজ-পোছাকৰ ওপৰত পুনৰ চিন্তা কৰিবলগীয়া হ’ব পাৰে।
প্ৰাপ্ত তথ্য অনুসৰি আন দেশৰ পৰা অহা অনুৰাগীসকলক অংগ প্ৰদর্শন কৰা কাপোৰ নিপিন্ধিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ যদি কোনোবাই তেনে কৰিব নোৱাৰে আৰু অত্যধিক অংগ প্ৰদর্শন কৰে তেন্তে কাটাৰৰ আইন অনুসৰি তেওঁলোকক জেলত ভৰাব পাৰে ৷ ইয়াৰ উপৰিও পুৰুষে গা উলিয়াই থাকিলে জৰিমনা আৰু জেলৰ সন্মুখীন হ’ব লাগিব ৷ আনহাতে স্লীভলেছ চোলা আৰু আপত্তিজনক শ্লোগানযুক্ত চলা পিন্ধাৰ অনুমতি লাভ নকৰিব ৷
কাটাৰৰ চৰকাৰী পৰ্যটন ৱেবছাইটত উল্লেখ কৰা হৈছে, “কাটাৰত সাজ-পোছাকৰ প্ৰতি মনোভাৱ শিথিল, কিন্তু দৰ্শনাৰ্থী (পুৰুষৰ লগতে মহিলাও) ৰাজহুৱা স্থানত কাপোৰ-কানি অত্যধিক অংগ প্ৰদর্শনৰ পৰা বিৰত থাকি স্থানীয় সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো আশা কৰা হৈছে। সাধাৰণতে পুৰুষ-মহিলাসকলক কান্ধ আৰু আঁঠু ঢাকি ৰখা পোছাক পৰিধান কৰাৰ পৰামর্শ দিয়া হৈছে ।”
ফিফাৰ ৱেবছাইটটোৱেও একে কথাকে পুনৰবাৰ উল্লেখ কৰি কয় যে মহিলাসকলে নিজৰ ইচ্ছামতে যিকোনো কাপোৰ পিন্ধিব পাৰে যদিও কাটাৰৰ কঠোৰ আইন মনত ৰখা উচিত ৷
তদুপৰি অনুৰাগীসকলক নিৰীক্ষণ কৰিবলৈ ষ্টেডিয়ামসমূহত হাই-টেক কেমেৰা স্থাপন কৰা হৈছে। অনুষ্ঠানটোৰ মুখ্য প্ৰযুক্তি বিষয়া নিয়াছ আব্দুল ৰহমানে প্ৰকাশ কৰা অনুসৰি উপস্থিতসকলকে ধৰি সমগ্ৰ অনুষ্ঠানটো মুখ চিনাক্তকৰণ প্ৰযুক্তিৰে সজ্জিত ১৫ হাজাৰ কেমেৰাই নিৰীক্ষণ কৰিব।
২০ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত ৩২টা দলে অংশগ্ৰহণ কৰিব।প্ৰথমখন খেলত ইকুৱেডৰৰ দলটোৱে আয়োজক দল কাটাৰৰ সৈতে মুখামুখি হ’ব।