দিল্লীত এগৰাকী যুৱতীক নির্মমভাৱে হত্যা কৰি কাটি টুকুৰা টুকুৰ কৰা ঘটনাৰ চাঞ্চল্য অব্যাহত আছে ৷ আফতাব আমিন পুনাৱালা নামৰ যুৱকজনে শ্ৰদ্ধা ৱাকাৰ নামৰ যুৱতী গৰাকীক নির্মমভাৱে হত্যা কৰা ঘটনাৰ তদন্তৰ সময়ত কেতবোৰ ভয়ানক তথ্য পোহৰলৈ আহিছে ৷ শ্ৰদ্ধাক হত্যা কৰাৰ পাছত ৩৫ টুকুৰা কৰি দিল্লীৰ ভিন্ন স্থানত পেলাই দিয়াৰ পাছত যুৱতী গৰাকীৰ মুখমণ্ডল জ্বলাই দিছিল আফতাবে ৷
দিল্লী আৰক্ষীৰ সূত্ৰই জনোৱা মতে ২৮ বছৰীয়া আফতাবে ইণ্টাৰনেটত কেনেকৈ প্ৰমাণ লুকুৱাব পাৰি তাৰ সন্ধান কৰিছিল ৷ তদুপৰি ডেক্সটাৰকে ধৰি ক্ৰাইম শ্ব’ৰ পৰা আফতাবে শ্ৰদ্ধাক হত্যা কৰিবলৈ মনতে থিক কৰি লৈছিল ৷
মেহৰৌলী বনাঞ্চলৰ পৰা এতিয়ালৈকে আৰক্ষীয়ে প্ৰায় ১০টা শ্ৰদ্ধাৰ শৰীৰৰ অংশ উদ্ধাৰ কৰিছে ৷ এই অংশসমূহ ডি এন এ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মূৰকে ধৰি শৰীৰৰ কেইবাটাও অংগ এতিয়াও আৰক্ষীয়ে বিচাৰি পোৱা নাই ৷ ইয়াৰ সন্ধান অব্যাহত আছে।
শ্ৰদ্ধাৰ শৰীৰৰ অংগ, হত্যাৰ অস্ত্ৰ আৰু কাপোৰ-কানি অবিহনে আৰক্ষীয়ে সম্পূর্ন তথ্য প্ৰমাণ দাখিল কৰাত ব্যর্থ হ’ব পাৰে ৷ সূত্ৰসমূহে জনোৱা মতে, এই ভয়ানক হত্যাকাণ্ডৰ তদন্ত বৰ্তমান ফৰেনছিক প্ৰতিবেদন, কল ডাটা আৰু পৰিস্থিতিগত প্ৰমাণৰ ওপৰত নিৰ্ভৰশীল।
শ্ৰদ্ধাৰ কাপোৰৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে আৱৰ্জনা সংগ্ৰহকাৰীৰ সন্ধান আৰম্ভ কৰিছে। সূত্ৰ অনুসৰি আৰক্ষীয়ে দম্পতীহাল বাস কৰা চুবুৰীটোৰ পৰা আৱৰ্জনা পেলোৱাৰ বাবে দুটা ডাম্পিং স্থান চিনাক্ত কৰিছে। এই ঠাইবোৰত শ্ৰদ্ধাৰ কাপোৰৰ সন্ধান চলি আছে।
সূত্ৰই জনোৱা মতে, আফতাবে শ্ৰদ্ধাক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰাৰ কিছুদিন পিছতে পূব দিল্লীৰ পাণ্ডৱ নগৰত এতিয়ালৈকে চিনাক্ত নোহোৱা এজন মানুহৰ মূৰ আৰু শৰীৰৰ অন্যান্য অংগ উদ্ধাৰ কৰা হৈছে। এসপ্তাহৰ ভিতৰত একেটা অঞ্চলতে বিভিন্ন সময়ত উদ্ধাৰ হোৱা এই শৰীৰৰ অংগসমূহ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ সৈতে জড়িত নেকি সেইটো জানিবলৈ এতিয়া ডি এন এ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।
চলিত মাহৰ আৰম্ভণিতে আফতাবক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আৰক্ষীয়ে জনোৱা মতে, শ্ৰদ্ধাৰ বিয়াৰ ইচ্ছাক লৈ সঘনাই হোৱা কাজিয়াৰ পিছত তেওঁ হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। ১৮ মে’ত তেওঁ শ্ৰদ্ধাক হত্যা কৰি মৃতদেহ ৩৫ টুকুৰা কৰি ১৮ দিনৰ ভিতৰত পেলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।