টি-২০ বিশ্বকাপৰ পাছত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট টীমে ট-২০ আৰু এদিনীয়া মেচ খেলিবলৈ সাজু হৈছে ৷ ইয়াৰ মাজতে ৱেলিংটনত হোৱা বৰষুণৰ বাবে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টি-২০ খেল এটাও বল নপৰাকৈয়ে পৰিত্যক্ত হয় ৷ বৰষুণৰ বাবে টছো অনুষ্ঠিত হোৱা নাই । এই দুয়োটা দলে বিশ্বকাপৰ ছেমি ফাইনেলত পৰাজয়ৰ সন্মুখীন হৈছিল। ভাৰতীয় দলটোৱে ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল অবিহনে হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত টি-২০ শৃংখলা খেলিব ৷ উমৰাণ মালিক, সঞ্জু চেমচন, ঈশান কিষাণৰ দৰে খেলুৱৈয়ে এই শৃংখলাত নিজৰ প্ৰদর্শন দেখুওৱাৰ সুযোগ লাভ কৰিব ৷