বিশ্বকাপ জয়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে তিনিখন টেষ্ট মেচ খেলিব অষ্ট্ৰেলিয়াই ৷ অহা ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব এই শৃংখলা ৷ টেষ্ট শংখলাৰ বাবে পাকিস্তান ভ্ৰমণৰ সময়ত এইবাৰ ইংলেণ্ড দলে লগত লৈ যাব ৰান্ধনী ৷ টি-২০ বিশ্বকাপৰ পূৰ্বে চলিত বৰ্ষৰ আৰম্ভণিতে পাকিস্তান ভ্ৰমণ কৰাৰ সময়ত ইংলেণ্ডক প্ৰদান কৰা খাদ্য নিম্নমানৰ হোৱা বাবেই এইবাৰ তেওঁলোকে ব্যক্তিগত ৰান্ধনী লগত লৈ পাক ভ্ৰমণ কৰিব ৷ আনকি পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা সাতখন খেলৰ টি-২০ শৃংখলাৰ খাদ্য গ্ৰহণৰ পাছত বহুসংখ্যক ক্ৰিকেটাৰে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল ৷
প্ৰাপ্ত তথ্য অনুসৰি ওমৰ মেজিয়ান ইংলেণ্ডৰ দলীয় ৰান্ধনীৰ দায়িত্বত থাকিব ৷ মেজিয়ানে ২০১৮ চনৰ ফিফা বিশ্বকাপ আৰু ইউৰো ২০২০ৰ সময়ত ইংলেণ্ডৰ পুৰুষৰ ফুটবল দলৰ সৈতে ৰান্ধনী হিচাপে দায়িত্ব পালন কৰিছিল ৷ ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে প্ৰথমবাৰৰ বাবে বহিঃৰাষ্ট্ৰ ভ্ৰমণৰ বাবে বিশেষভাৱে ৰান্ধনী নিযুক্তি দিছে ৷
ইংলেণ্ডে পাকিস্তানৰ বিৰুদ্ধে তিনিখন টেষ্ট খেলিব ৷ ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব এই টেষ্ট শৃংখলা ৷ ১ ডিচেম্বৰৰ পৰা ৰাৱালপিণ্ডিত শৃংখলা আৰম্ভ হ’ব। পৰৱৰ্তী দুখন টেষ্ট মেচ মুলতান আৰু কৰাচীত অনুষ্ঠিত হ’ব।
চলিত বৰ্ষৰ আৰম্ভণিতে যেতিয়া ইংলেণ্ডে পাকিস্তান ভ্ৰমণ কৰিছিল, তেতিয়া তেওঁলোকে সাতখন খেলৰ টি-২০ শৃংখলাত ৪-৩ ব্যৱধানত জয়লাভ কৰিছিল ৷ শেহতীয়াকৈ বিশ্বকাপত ইংলেণ্ডে পৰাজিত কৰিছিল পাকিস্তানক ৷