কেইবাবাৰো বিফল অভিযানৰ পাছত যোৱা সপ্তাহত নাছাই উৎক্ষেপন কৰা আৰ্টেমিছ মহাকাশযানখনে সফলতাৰে চন্দ্ৰত অৱতৰণ কৰিছে ৷ অৰিয়ান কেপচুলে চন্দ্ৰপৃষ্ঠৰ পৰা ১৩০ কিলোমিটাৰ (৮০ মাইল) ওপৰলৈ উৰণ আৰম্ভ কৰিছে আৰু ই লাহে লাহে বৃহৎ কক্ষপথত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিব।
উৎক্ষেপনৰ সময়ত অৰিয়ানে ঘণ্টাত ৫,০২৩ মাইল বা ঘণ্টাত ৮০৮৩.৭৩ কিলোমিটাৰ বেগত যাত্ৰা কৰিছিল। উৎক্ষেপনৰ কিছু সময়ৰ পিছতে ই চন্দ্ৰৰ পৰা ৮১ মাইল ওপৰেৰে পাৰ হৈ ঘণ্টাত ৫,১০২ মাইল বেগত যাত্ৰা কৰে। নাছাই কয় যে এতিয়ালৈকে যোৱা সপ্তাহত উৎক্ষেপণৰ পিছৰে পৰা এই অভিযানে সফলতাৰে আগবাঢ়িছে ৷
মহাকাশযানখনে ২ লাখ ৩০ হাজাৰ মাইল ( ৩৭০১৪৯.১২ কিলোমিটাৰ) দূৰৰ পৰা ‘শেঁতা নীলা বিন্দু’ৰ দৰে অতি ক্ষুদ্ৰ দেখা পৃথিৱীৰ ছবিও প্ৰেৰণ কৰিছে ৷ নাছাৰ মহাকাশযান পৰিচালক জেবুলন স্কোভিলে কয় “এইটো সেই দিনবোৰৰ ভিতৰত এটা যিটোৰ বিষয়ে আপুনি বহু বহুদিনৰ পৰা চিন্তা কৰি আহিছে আৰু সপোন দেখি আহিছে।”
ডেৰ শতিকাৰ ভিতৰত প্ৰথমবাৰৰ বাবে মহাকাশ কেপচুলে চন্দ্ৰত অনুসন্ধান কৰিব ৷ চন্দ্ৰপৃষ্ঠলৈ মানৱ প্ৰেৰণৰ পূর্বে মহাকাশযান উৎক্ষেপণ ব্যৱস্থাৰ ৰকেট আৰু অৰিয়ান মহাকাশযান পৰীক্ষা কৰিবলৈ ডিজাইন কৰা হৈছে আৰ্টেমিছ প্ৰথম। যদিহে এই অভিযান সফল হয় তেন্তে প্ৰথম আৰ্টেমিছৰ পিছত ২০২৪ চনত চন্দ্ৰলৈ মানৱ প্ৰেৰণ কৰিব ৷
অৰিয়ান প্ৰগ্ৰেম মেনেজাৰ হাৱাৰ্ড হুৱে কয় যে যোৱা সপ্তাহৰ উৎক্ষেপণ মানৱৰ মহাকাশ উৰণৰ বাবে এক ঐতিহাসিক দিন। তেওঁ বিবিচিক কয় যে, ”কেৱল আমেৰিকাৰ বাবেই নহয়, বিশ্বৰ বাবেও আমি দীৰ্ঘম্যাদী গভীৰ মহাকাশ অন্বেষণৰ প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছো। মই ভাবো নাছাৰ বাবে এইটো এটা ঐতিহাসিক দিন, কিন্তু মানৱ মহাকাশ উৰণ আৰু গভীৰ মহাকাশ অন্বেষণ ভাল পোৱা সকলো লোকৰ বাবেও এইটো এটা ঐতিহাসিক দিন”।