পুনৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দেখিবলৈ ইৰাকৰ প্ৰাক্তন একনায়কত্ববাদী শাসক “ছাদ্দাম হুছেইন”ৰ দৰে হৈছে বুলি আজি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াতকৈ চৰ্দাৰ পেটেল, জৱাহৰলাল নেহৰু বা মহাত্মা গান্ধীৰ দৰে চেহেৰা বনোৱা হ’লেই ভাল আছিল বুলিও ৰাহুল গান্ধীক কটাক্ষ কৰে ডঃ শর্মাই । উল্লেখ্য যে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে দীঘল দাড়ি ৰখা দেখা গৈছে।
মঙলবাৰে আহমেদাবাদত এখন ৰাজহুৱা সমাৱেশৰ সময়ত শৰ্মাই কয়, “মই মাত্ৰ দেখিছো যে তেওঁৰ চেহেৰা সলনি হৈছে। মই কেইদিনমান আগতে টিভিৰ এটা সাক্ষাৎকাৰত কৈছিলো যে তেওঁৰ নতুন ৰূপ ল’ব পাৰে । কিন্তু যদি সলনি কৰিবলৈয়ে মন তেনেহ’লে চেহেৰা অন্ততঃ চৰ্দাৰ বল্লভভাই পেটেল বা জৱাহৰলাল নেহৰুৰ দৰে কৰি তুলিব পাৰে । গান্ধীজীৰ দৰে হ’লেও ভাল। কিন্তু আপোনাৰ মুখখন ছাদ্দাম হুছেইনলৈ কিয় পৰিণত হৈছে?” কাৰণ কংগ্ৰেছ সংস্কৃতি ভাৰতীয় মানুহৰ ওচৰত নহয়। তেওঁলোকৰ সংস্কৃতি ভাৰতক কেতিয়াও বুজি নোপোৱা মানুহৰ ওচৰত বেছি ৷”
তেওঁ আৰু দাবী কৰে যে ৰাহুল গান্ধীয়ে (ভাৰত জোড়ো যাত্ৰাৰ সময়ত) শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা হিমাচল প্ৰদেশৰ দৰে ৰাজ্য আৰু নিৰ্বাচনমুখী গুজৰাটৰ দৰে ৰাজ্য ভ্ৰমণ নকৰাটো সিদ্ধান্ত লৈছিল ৷ তাৰ পৰিৱৰ্তে নিৰ্বাচন নথকা ৰাজ্যসমূহত গুৰুত্ব দিছিল কাৰণ তেওঁ জানিছিল যে তেওঁ য’তেই যাব তাতেই পৰাজিত হ’ব।
শৰ্মাই কয় যে তেওঁ মহাৰাষ্ট্ৰত ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ সৈতে কৰ্মী মেধা পাটকাৰক দেখিছিল।এই সন্দর্ভত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “তেওঁয়েই গুজৰাটক পানীৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল। সফল হোৱা হ’লে নৰ্মদাৰ পানী কেতিয়াও কুচ্চলৈ নাহিলহেঁতেন। ৰাহুল গান্ধীয়ে এনে লোকৰ সৈতে ভাৰত জোড়ো যাত্ৰা কৰি আছে, যিসকলে কেতিয়াও গুজৰাটৰ উন্নয়ন বিচৰা নাছিল।” ১৮২ জনীয়া গুজৰাট বিধানসভাৰ নিৰ্বাচন ১ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব আৰু ৮ ডিচেম্বৰত ভোটগণনা আৰম্ভ হ’ব।