মহাকাশ ক্ষেত্ৰখনৰ বিভিন্ন ৰহস্য আৱিস্কাৰৰ বাবে অধ্যয়ন চলাই আহিছে ৷ শেহতীয়াকৈ জ্যোতিৰ্বিজ্ঞানীসকলে আৱিস্কাৰ কৰিছে এটা নতুন গ্ৰহ ৷ পৃথিৱীৰ পৰা মাত্ৰ ২০০ আলোকবৰ্ষ দূৰত্বত এটা বিশাল বহিঃগ্ৰহটো আৱিষ্কাৰ কৰিছে। টিঅ’আই-১০৭৫বি (TOI-1075b) নামেৰে নামাকৰণ কৰা এই গ্ৰহটো পৃথিৱীৰ ব্যাসাৰ্ধৰ প্ৰায় ১.৮ গুণ বুলি জানিব পৰা গৈছে ৷ বহিঃগ্ৰহ হৈছে সৌৰজগতৰ বাহিৰত থকা গ্ৰহ। আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ ট্ৰেনজিটিং এক্স’প্লেনেট চাৰ্ভে চেটেলাইট (TESS) মহাকাশযানে এই বৃহৎ গ্ৰহটো আৱিষ্কাৰ কৰিছিল। টিঅ’আই-১০৭৫বিৰ ভৰ পৃথিৱীৰ ভৰতকৈ প্ৰায় ১০ গুণ আৰু বুধ, পৃথিৱী আৰু শুক্ৰ আদিৰ দৰে শিলেৰে গঠিত ৷
৮ নৱেম্বৰত সংস্থাটোৰ ৱেবছাইটত এই আৱিষ্কাৰৰ কথা ঘোষণা কৰি নাছাৰ বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি নতুন তথ্যমতে টিঅ’আই-১০৭৫বি এতিয়ালৈকে আৱিষ্কাৰ হোৱা আটাইতকৈ বৃহৎ গ্ৰহসমূহৰ ভিতৰত অন্যতম।
বহিঃগ্ৰহটোৰ অতি উত্তাপিত পৃষ্ঠভাগ প্ৰায় ১৯২২ ডিগ্ৰী ফাৰেনহাইট (১,০৫০ ডিগ্ৰী চেলছিয়াছ) হোৱাৰ বাবে গলিত লাভাৰে আবৃত। বহিঃগ্ৰহটোৰ কক্ষপথ অতি চুটি – প্ৰায় ১৪.৫ ঘণ্টা।
নাছাই আৰু কয় যে টি অ’ আই-১০৭৫ বিৰ আকাৰৰ ছুপাৰ-আৰ্থত সাধাৰণতে হাইড্ৰজেন আৰু হিলিয়ামৰ ডাঠ বায়ুমণ্ডল থাকিব বুলি আশা কৰা হয়। কিন্তু এই গ্ৰহটোৰ ঘন গঠন আৰু কঠিন কক্ষপথৰ বাবে এনে বায়ুমণ্ডলৰ সম্ভাৱনা কম।
যদি টিঅ’আই-১০৭৫বি পৃথিৱীৰ ওচৰত হ’লহেঁতেন আৰু মানুহে ভ্ৰমণ কৰিব পাৰিলেহেঁতেন তেন্তে তেওঁলোকৰ ওজন যথেষ্ট বৃদ্ধি পাব। নাছাই কয় যে নতুন গ্ৰহটোত পৃথিৱীত আপোনাৰ ওজনৰ প্ৰায় তিনিগুণ হ’লহেঁতেন ৷