শেহতীয়াকৈ গোৱাত অনুষ্ঠিত ভাৰতৰ ৫৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি প্ৰবীণ বলীউড অভিনেত্ৰী আশা পাৰেখে ভাৰতীয় সংস্কৃতিৰ ওপৰত পৰা পশ্চিমীয়া প্ৰভাৱৰ বিষয়ে মুকলিকৈ ব্যক্ত কৰে ।
ভাৰতীয় মহিলাসকলে পশ্চিমীয়া সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত হৈ কেনেকৈ ঘাগৰা-চোলিৰ দৰে পৰম্পৰাগত সাজ-পোছাকক আওকাণ কৰিছে সেয়া দেখা পাই দুখ প্ৰকাশ কৰিছে অভিনেত্ৰী গৰাকীয়ে ।আনহাতে তেওঁ বিগত কেইবছৰমানৰ পৰা চলচ্চিত্ৰ জগতত দেখা পৰিৱৰ্তনৰ বিষয়েও কয়।
কিংবদন্তি অভিনেত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে ভাৰতীয় মহিলাসকল মেদবহুল হ’লেও কিয় বিয়াত গাউন পিন্ধে সেয়া বুজি পোৱাত তেওঁ ব্যৰ্থ হৈছে ।চলচ্চিত্ৰ মহোৎসৱত তেওঁ ক্ষোভ উজাৰি কয় যে সকলো সলনি হৈছে। যিবোৰ ছবি নিৰ্মাণ কৰা হৈছে সেইবোৰো ৷তেওঁ নাজানে যে আমি ইমান পশ্চিমীয়া কিয় হৈছোঁ।ছোৱালীবোৰ গাউন পিন্ধি বিবাহ অনুষ্ঠানলৈ আহিবলৈ লৈছে ৷ আমাৰ ঘাগৰা-চোলী,শাৰী,চুৰিদাৰ সেইবোৰ আছে নহয় ,সেইবোৰ কিয় নিপিন্ধে?
অভিনেত্ৰীগৰাকীয়ে দুখ প্ৰকাশ কৰি কয় যে আজিকালি মহিলাসকলে কেৱল নায়িকাক অনুকৰণ কৰে। আমাৰ পৰম্পৰাগত সাজ-পোছাক পিন্ধাৰ পৰিৱৰ্তে তেওঁলোকে নিজে মেদবহুল হ’লেও পশ্চিমীয়া সাজ-পোছাকৰ বাবে বেছি আগ্ৰহী ৷ আমাৰ চহকী সংস্কৃতি থকা স্বত্বেও পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ হেঁপাহ দেখি তেওঁৰ দুখ লাগে ।
আজি সামৰণি পৰিব ভাৰতৰ ৫৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৷ এই সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব পানাজীৰ সমীপৰ ড০ শ্যামা প্ৰসাদ মুখাৰ্জী ষ্টেডিয়ামত । উল্লেখনীয় যে সামৰণি অনুষ্ঠানত তেলেগু ছুপাৰষ্টাৰ চিৰঞ্জীৱীক ২০২২ চনৰ ভাৰতীয় চলচ্চিত্ৰ ব্যক্তিত্ব বঁটাৰে সন্মানিত কৰা হ’ব।