উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ১০ গৰাকী ন্যায়াধীশক উন্নীতকৰণৰ বাবে দিয়া পৰামৰ্শকেন্দ্ৰীয় চৰকাৰৰ পৰা গ্ৰহণ কৰা নাই। ২৫ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে ওভতাই দিয়া ফাইলসমূহত ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বি এন কিৰপালৰ পুত্ৰ জ্যেষ্ঠ অধিবক্তা সৌৰভ কিৰপালৰ নামো সন্নিবিষ্ট হৈ আছে ৷ প্ৰকাশ পোৱা অনুসৰি কলেজিয়ামে পুনৰ প্ৰেৰণ কৰা কৰা কিছুমান ন্যায়াধীশৰ ফাইলো ঘূৰাই দিয়া হৈছে।
চলিত মাহৰ আৰম্ভণিতে এনডিটিভিক দিয়া এক সাক্ষাৎকাৰত কিৰপালে কয় যে তেওঁৰ যোগ্যতাক তেওঁ সমকামী বাবেই বিচাৰ কৰি চোৱা হোৱা নাই ৷৫০ বছৰীয়া কিৰপালে এনডিটিভিক কয় যে চৰকাৰে মুকলিকৈ সমকামী বুলি প্ৰকাশ কৰা ব্যক্তিক বিচাৰপীঠত নিযুক্তি দিব বুলি মই নাভাবো ৷ ২০১৭ চনৰ পৰাই তেওঁৰ নিযুক্তি স্থবিৰ হৈ আছে ৷
উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ন্যায়াধীশ নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰত নতুনকৈ গুৰুত্ব আৰোপ কৰাৰ বাবে এই স্থবিৰতাৰ সৃষ্টি হৈছে।নিযুক্তিৰ ক্ষেত্ৰত আদালতে নিৰ্ধাৰন কৰি দিয়া সময়সীমাৰ ভিতৰত “ইচ্ছাকৃতভাৱে” নিযুক্তি নিদিয়াৰ অভিযোগ উত্থাপন কৰি শীৰ্ষ আদালতত এখন আবেদন দাখিল কৰা হৈছে।ইয়াৰ পূৰ্বে আজি সন্ধিয়া উচ্চতম ন্যায়ালয়ে ন্যায়িক নিযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিলম্ব কৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷
ন্যায়ালয়ে কয় যে কলেজিয়ামে এবাৰ এটা নাম পুনৰাবৃত্তি কৰিলেই সেয়া চূড়ান্ত ৷ ই (চৰকাৰে) নামবোৰ এনেদৰে বিচাৰাধীন কৰি ৰাখি সীমা অতিক্ৰম কৰিছে ৷ ন্যায়াধীশ এছ কে কৌল আৰু এ এছ অকাৰ বিচাৰপীঠে কয় যে এই সমস্যাটো সমাধান কৰক আৰু এই সন্দৰ্ভত তেওঁলোকক ন্যায়িক সিদ্ধান্ত ল’বলৈ যাতে বাধ্য নকৰায় ৷
কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে এই বিষয়ত নিজৰ স্থিতি স্পষ্ট কৰি আঙুলিয়াই দিছে যে ১৯৯১ চনৰ পূৰ্বে চৰকাৰেই ন্যায়াধীশ নিযুক্তি দিছিল ৷ বৰ্তমানৰ ব্যৱস্থাটো আছিল এটা ন্যায়িক নির্দেশৰ ফলাফল ৷