ভাৰতবৰ্ষ এনে এখন দেশ য’ত ৩৩কোটি দেৱ-দেৱতাক পূজা কৰা হয় আৰু সেই কোটি কোটি দেৱতাৰ ভিতৰত আকৌ কেইজনমান দেৱতাক বিশেষ ভাৱে পূজা-আৰাধনা কৰা হয় ৷সেই দেৱতাসকলৰ ভিতৰত সংকটমোচন হনুমান অন্যতম ৷ বিশেষকৈ মংগলবাৰৰ দিনটোত হনুমানক পূজা কৰিলে সকলো সংকট দূৰ হয় বুলি হিন্দুসকলৰ বিশ্বাস ৷ অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰ জিলাৰ পন্নুৰত অৱস্থিত পন্নুৰ বীৰ অঞ্জনেয় স্বামী মন্দিৰ হৈছে ভগৱান হনুমানৰ পূজা-আৰাধনা কৰা এক বিখ্যাত মন্দিৰ। ১৯৬৯ চনত কোটা জগন্নাধ স্বামীয়ে নিৰ্মাণ কৰে অঞ্জনেয় স্বামীৰ এই মন্দিৰত গৰুড়ৰ এটা মন্দিৰো আছে।। অঞ্জনাৰ পুত্ৰ বাবেই অন্ধ্ৰ প্ৰদেশত হনুমানক অঞ্জনেয় স্বামী বুলি কোৱা হয় ৷
দ্ৰাবিড় শৈলীৰ স্থাপত্যৰ ওপৰত আধাৰিত এই মন্দিৰৰ মূল আকৰ্ষণ হৈছে এটা ক’লা শিলত কটা ২৪ ফুট উচ্চতাৰ বীৰ অঞ্জনেয় স্বামী আৰু ২৯ ফুট ওখ গৰুতমন্থ স্বামীৰ মূৰ্তি। এই মন্দিৰ চৌহদৰ ভিতৰত আছে ৩০ ফুট ওখ, ১৫ ফুট বহল আৰু ৬ ফুট ডাঠ গৰুড়ৰ মন্দিৰ । পাঁচ মহলীয়া এই মন্দিৰত অহৰহ জ্বলি থাকে পাঁচটগছ আখণ্ড প্ৰদ্বীপ।
অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰ অমৰাৱতীৰ সংস্কৃতি অতি চহকী আৰু প্ৰাণৱন্ত। তেলেগু সাহিত্যৰ বাবে বিখ্যাত চহৰ গুণ্টুৰত তিক্কানা নামৰ এজন বিখ্যাত কবিৰ জন্ম হৈছিল। তেওঁ এজন বিশিষ্ট কবি আছিল আৰু সংস্কৃত মহাকাব্য মহাভাৰত তেলেগুলৈ অনুবাদ কৰিছিল। দীপাৱলী, ঈদ, গুৰু পূৰৱ , সংক্ৰান্তি, শিৱৰাত্ৰি আৰু উগাড়ী আদি স্থানীয় উৎসৱবোৰ গুণ্টুৰত অতি ধুমধামেৰে পালন কৰা হয়।
একেটা ক’লা শিলত খোদিত এই অঞ্জনেয় স্বামী বা হনুমানৰ আৰু গড়ূৰৰ মূৰ্তিয়ে ভাৰতীয় সভ্যতাৰ বহু পৌৰাণিক কাহিনীকেই যেন ব্যক্ত কৰে ৷ যাৰ বিষয়ে জানিবলৈ প্ৰতি মূহুৰ্ততে উৎসুক হৈ থাকে অন্যান্য দেশৰ লোকসকলৰ লগতে দেশ-বিদেশৰ বিজ্ঞানী সকলো ৷