বৰ্তমান সংবাদ শীৰ্ষত টিভি ধাৰাবাহিক ‘অগ্নিসাক্ষী – এক সমঝ’তা । কাৰণ এই ধাৰাবাহিক খনৰ প্ৰথম প্ৰ’ম’ৰ মুক্তিৰ লগে লগে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।সাধাৰণ মানুহে ধাৰাবাহিকখনৰ এক অবাস্তৱ ধাৰণা হজম কৰিব পৰা নাই যাৰ বাবে ৰাইজে চেনেল আৰু ধাৰাবাহিকখন বৰ্জন কৰিবলৈ দাবী জনাইছে।
জীৱিকাই বহুদিনৰ পৰা এইখন বিয়াৰ সপোন দেখিছিল আৰু অৱশষত তেওঁৰ জীৱনলৈ সেই দিনটো আহিল। কইনাৰ সাজ-পোছাক পিন্ধি দুচকুত এটা নতুন জীৱনৰ সপোন লৈ কইনা হৈ পৰিল তেওঁ । বিয়াৰ দিনা জীবিকাই স্বামীক মালা পিন্ধালে ৷ কিন্তু বিবাহিত জীৱন আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতেই জীৱিকাৰ স্বামীয়ে তেওঁৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিলে। এই অনন্য বিবাহৰ আৰম্ভণি বিবাহ বিচ্ছেদৰ পৰাহে, শুভ বিবাহৰ পৰা নহয়। উল্লেখযোগ্য যে এই ‘অগ্নিসাক্ষী’ৰ মুখ্য অভিনেতা শিবিকা পাঠক আৰু আশয় মিশ্ৰ।
সামাজিক মাধ্যমত ধাৰাবাহিক খনৰ সন্দৰ্ভত সেয়েহে বহু লোকে বহু ধৰণৰ মতামত প্ৰকাশ কৰিছে ৷ কোনবা এজনে কৈছে যে গোটেই কাহিনীটো সিঁচৰতি হৈ আছে। সকলো ধাৰাবাহিকৰ কাহিনী আজিকালি একে হৈ পৰিছে। আনজনে আকৌ লিখিছে – এইটো কি আজে বাজে কথা? মানুহে কয় ‘কালাৰ্ছ’চেনেলৰ শ্ব’ বৰ্জন কৰক।জানিব পৰা মতে শেহতীয়াকৈ ‘ঝলক দিখলা জা’ৰ চূড়ান্ত ফলাফলক লৈও ক্ষুব্ধ হৈ পৰিছে আৰু সেইবাবেই এই শ্ব’টোৰ প্ৰ’ম’ দেখাৰ পিছতেই আৰু অধিক ক্ষুব্ধ হৈ পৰিছে দৰ্শক।।