গুজৰাট নিৰ্বাচনত ‘আপ’ৰ প্ৰত্যাহ্বানক নস্যাৎ কৰি অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৱে একাউণ্টেই খুলিব নোৱাৰে বুলি দাবী কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শ্বাহে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তা, গুজৰাটৰ সৰ্বাংগীন উন্নয়ন, আৰু শূন্য তুষ্টিকৰণ নীতি ৰূপায়ণক বিজেপিৰ ওপৰত বাৰে বাৰে বিগত ২৭ বছৰ ধৰি জনসাধাৰণে বিশ্বাস কৰি আহিছে ৷
ৰাজ্যখন প্ৰতিদিনে পাঁচখনকৈ সভাত ভাষণ দি অহা শ্বাহে কয় যে গুজৰাটত বিজেপিয়ে অভূতপূৰ্ব বিজয় সাৱ্যস্ত কৰিব ৷ তেওঁলোকৰ দল আৰু নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত মানুহৰ সম্পূৰ্ণ বিশ্বাস আছে ৷
গুজৰাট বিধানসভা নিৰ্বাচনত আপৰ স্থিতিক লৈ সোধা প্ৰশ্ন সন্দৰ্ভত বিজেপি নেতাগৰাকীয়ে কয়-, “প্ৰতিটো দলৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ আছে, কিন্তু দলটোক মানি ল’ব নে নলয় সেয়া জনতাৰ ওপৰত নিৰ্ভৰশীল। গুজৰাটৰ জনসাধাৰণৰ মনত আপ ক’তো নাই, নিৰ্বাচনৰ ফলাফললৈ অপেক্ষা কৰক, হয়তো সফল প্ৰাৰ্থীৰ তালিকাত আপৰ নাম দেখা নাপাব।’ গুজৰাটত কংগ্ৰেছ বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দ্বী হৈ থকাৰ সময়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে প্ৰধানমন্ত্ৰী মোদীৰ গৃহ ৰাজ্যত আগ্ৰাসী প্ৰচাৰ চলাইছে।
কংগ্ৰেছ সন্দৰ্ভত শ্বাহে কয় , “এতিয়াও ই মূল বিৰোধী দল, কিন্তু দলটোৱে সংকটৰ মাজেৰে পাৰ হৈছে আৰু ইয়াৰ প্ৰভাৱ গুজৰাটতো দেখা গৈছে।” কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোৰো যাত্ৰাৰ বিষয়ে সোধাত শ্বাহে কয় যে ৰাজনীতিত স্থায়ী প্ৰচেষ্টা অতি প্ৰয়োজনীয়।
ৰাজনীতিবিদসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি মোৰ সদায় এই মত আছিল আৰু কোনোবাই কঠোৰ পৰিশ্ৰম কৰিলে ভাল। কিন্তু ৰাজনীতিত কেৱল স্থায়ী প্ৰচেষ্টাইহে ফলাফল দেখুৱায়।
ৰাজ্যিক নিৰ্বাচনৰ প্ৰচাৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়সমূহৰ ওপৰত কথা কোৱা শ্বাহে কয় যে প্ৰতিটো বিধানসভা নিৰ্বাচনতে এই বিষয়সমূহ গুৰুত্বপূৰ্ণ। তেওঁ কয় -“গুজৰাটৰ নিৰাপত্তা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত হয় নে নহয় ? গুজৰাটৰ নিৰাপত্তা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা বেলেগ বিষয় নহয়। আৰু যদি দেশ সুৰক্ষিত নহয় তেন্তে গুজৰাট কেনেকৈ সুৰক্ষিত হ’ব? গতিকে সকলো ৰাজ্যৰ বিধানসভাতে ৰাষ্ট্ৰীয় নিৰাপত্তা এটা ডাঙৰ বিষয়।” এটা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে সীমান্তৱৰ্তী ৰাজ্য হোৱাৰ বাবে গুজৰাটৰ জনসাধাৰণ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি সংবেদনশীল।
বিৰোধীয়ে চৰকাৰক ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলৰ বিৰুদ্ধে তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰাৰ সময়তে শ্বাহে কয় যে দেশত এটা স্বতন্ত্ৰ আৰু নিৰপেক্ষ ন্যায়পালিকাৰ আছে, আৰু যদি তদন্তকাৰী সংস্থাসমূহৰ কোনো অপব্যৱহাৰ হয়, তেন্তে তেওঁলোকে ন্যায়পালিকাৰ কাষ চাপিব পাৰে।