৩০ নৱেম্বৰৰ দিনটো মেগাষ্টাৰ অমিতাভ বচ্চনৰ জীৱনত এক বিশেষ তাৎপৰ্য বহন কৰি আহিছে। তেওঁৰ কলকাতা আৰু বংগৰ সৈতে আছে এক বিশেষ সম্পৰ্ক ৷ ১৯৬৮ চনৰ ৩০ নৱেম্বৰতে দিনটোতে হৰিবংশ ৰায় বচ্চনৰ পুত্ৰ অমিতাভ বচ্চনে কলকাতাত কৰ্মজীৱনৰ সামৰণি মাৰিছিল ৷
বুধবাৰে অমিতাভ বচ্চনে নিজৰ ব্লগত এজন অনুৰাগীৰ পুৰণি টুইট শ্বেয়াৰ কৰে। কেৱল চাকৰিৰ শেষ দিনটোৱেই নহয়, মেগাষ্টাৰগৰাকীৰ প্ৰথম দৰমহাৰ পৰিমানো সেই টুইটৰ পৰাই জানিব পৰা যায়। টুইটটোত কোৱা হৈছে, “কলিকতাৰ ব্লেকাৰ্ছ কোম্পানীত অমিতাভ বচ্চনৰ কেৰিয়াৰৰ শেষ তাৰিখ আছিল ১৯৬৮ চনৰ ৩০ নৱেম্বৰ। দৰমহা ১,৬৪০ টকা। এতিয়াও এই ফাইলটো সংৰক্ষণ কৰি ৰখা হৈছে ৷” ২০১৫ চনত এই টুইটটো কৰা হৈছিল ৷
প্ৰথম চাকৰি সকলোৰে জীৱনত এক বিশেষ স্থান দখল কৰে ৷এইক্ষেত্ৰত ব্যতিক্ৰম নহয় অমিতাভ বচ্চনৰ দৰে তাৰকাও ৷ বুধবাৰে অমিতাভৰ কৰ্মজীৱন আৰু কলকাতাত কটোৱা দিনবোৰক লৈ নষ্টালজিক হৈ পৰিছিল। তেওঁ লিখিছে, “আমি আগতে দহ ফুট বহল কোঠা এটাত একেলগে ৮ জন লোকে বাস কৰিছিলো অফিচৰ পিছত মই বন্ধুসকলৰ সৈতে জনপ্ৰিয় ৰেষ্টুৰেণ্ট এখনৰ বাহিৰত থিয় হৈ আছিলো। আৰু মই ভাবিছিলো এদিন হয়তো মই টকা উপাৰ্জন কৰি ভিতৰলৈ যাব পাৰিম।” তাৰ পিছত অমিতাভ আৰু তেওঁৰ বন্ধুসকলে সুৰক্ষাকর্মীক অনুৰোধ কৰিও কেতিয়াবা ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিছিল।
তেওঁ কয় যে কলকাতালৈ আহিলে এতিয়াও পুৰণি বন্ধু-বান্ধৱীক সাক্ষাৎ কৰে ৷ আনকি, নিশাৰ আন্ধাৰত এৰি থৈ যোৱা চহৰখনৰ বিখ্যাত ঠাইবোৰো ভ্ৰমণ কৰে মেগাষ্টাৰ গৰাকীয়ে ৷অমিতাভে লিখিছে, “কিছুমান হেৰাই যায়, কিছুমান বন্ধু ৰৈ যায়। কিন্তু তেওঁলোকৰ মৰম এতিয়াও মোৰ লগত আছে।”