কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই অথবা ইডিৰ দিল্লীৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰী অপব্যৱহাৰ কৰি অহা বুলি উত্থাপিত অভিযোগ দীর্ঘদিনীয়া ৷ এইবাৰ তেলেংগানা ৰাষ্ট্ৰীয় সমিতি চমুকৈ টিআৰএছে কেন্দ্ৰীয় সংস্থাটোৰ ‘অপব্যৱহাৰ’ৰ অভিযোগ উত্থাপন কৰি পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰে। তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাৰ নাম শেহতীয়াকৈ দিল্লীৰ আবকাৰী নীতি ৰূপায়নত হোৱা অনিয়মৰ ইডিৰ তদন্ত প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷ ইয়াৰ পিছত তেওঁ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে ৷ কবিতাই প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি কয়- “প্ৰতিটো শিশুৱে জানে যে নিৰ্বাচনমুখী ৰাজ্যত প্ৰধানমন্ত্ৰী মোদীৰ পূর্বে ইডি আহে!”
ইয়াৰ পিছতে তেলেংগানাৰ সাংসদ তথা মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যাই পোনপটীয়াকৈ মোদীক আক্ৰমণ কৰি কয়, “আমাক সকলোকে জেলত ভৰাই থওক। তেতিয়াও আমাক ৰাখিব নোৱাৰিব৷ জেলৰ পৰাই মানুহৰ বাবে কাম কৰিম। এয়া আমাৰ মুকলি প্ৰত্যাহ্বান ।”
তেওঁ লগতে কয় যে আঠ বছৰ আগতে মোদী চৰকাৰ ক্ষমতালৈ আহিছিল। এই আঠ বছৰত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৯ খন চৰকাৰ ভাঙি বিজেপিয়ে চৰকাৰ গঠন কৰিছে ৷ প্ৰত্যেক শিশুৱে জানে যে নিৰ্বাচনমুখী ৰাজ্যলৈ প্ৰধানমন্ত্ৰী মোদীৰ আগত ইডি আহে। কবিতাই সাংবাদিকৰ আগত আৰু কয়, ‘বিজেপিয়ে আমাক বাধা দিব নোৱাৰে। তেলেংগানাতো বিজেপিয়ে চৰকাৰ উৎখাত কৰাৰ ষড়যন্ত্ৰ কৰিছে। ৰাইজ ইয়াৰ সাক্ষী।
ইডিৰ প্ৰতিবেদনত তেওঁৰ নাম উল্লেখ সন্দৰ্ভত তেওঁ কয়, “তেলেংগানাত নির্বাচন আহি আছে ৷ সেইবাবেই মোদীৰ প্ৰচাৰৰ পূৰ্বেই ইডি আহিছে!” অৱশ্যে মুখ্যমন্ত্ৰীৰ কন্যাই কয় যে ইডিৰ তদন্তক সম্পূৰ্ণ সহযোগিতা কৰা হ’ব ৷
কোটি কোটি টকাৰে একাংশ টি আৰ এছ বিধায়কক প্ৰলোভিত কৰি তেলেংগানাৰ চৰকাৰ ওফৰাই দিয়াৰ ষড়যন্ত্ৰ কৰিলে বিজেপিয়ে। এই অভিযোগক লৈ সৃষ্টি হৈছিল হুলস্থুল। সেই গোচৰটো এতিয়া আদালতত বিচাৰাধীন হৈ আছে।
প্ৰসংগক্ৰমে কেৱল তেলেংগানাই নহয়, বিৰোধী শাসিত অন্যান্য ৰাজ্যসমূহে কেন্দ্ৰৰ বিজেপি চৰকাৰে কেন্দ্ৰীয় সংস্থাৰ জৰিয়তে বিৰোধীক হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰিছে। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কংগ্ৰেছেও বাৰে বাৰে একে অভিযোগ উত্থাপন কৰি আহিছে।