চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ বুধবাৰে দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ। চীনৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বুধবাৰে স্থানীয় সময় অনুসৰি ১২:১৩ বজাত তেওঁৰ গৃহ চহৰ চাংহাইত মৃত্যু হয় ৷ লিউকেমিয়া ৰোগত তেওঁ আক্ৰান্ত হৈ আছিল ৷
চৰকাৰী বিবৃতিত জেমিনক ‘এজন অসাধাৰণ নেতা, অসাধাৰণ মাৰ্ক্সবাদী, মিত্ৰ, কূটনীতিবিদ আৰু দীৰ্ঘদিনীয়া কমিউনিষ্ট যুঁজাৰু’ বুলি অভিহিত কৰি লগতে কয় যে ‘তেওঁৰ মৃত্যু চীনৰ কমিউনিষ্ট পাৰ্টি, সেনা আৰু সকলো জাতি-জনগোষ্ঠীৰ জনসাধাৰণৰ বাবে এক অপূৰণীয় ক্ষতি’। জেমিনক দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। ১৯৮৯ চনত চৰকাৰৰ বিৰুদ্ধে গণতন্ত্ৰ সমৰ্থক প্ৰতিবাদক তীব্ৰভাৱে দমন কৰা হয় আৰু কূটনৈতিকভাৱে চীন কাৰ্যতঃ বিচ্ছিন্ন হৈ পৰে। বিশেষজ্ঞসকলৰ মতে, দেশখনক সেই পৰিস্থিতিৰ পৰা উলিয়াই আনি বাহিৰৰ জগতখনৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তোলাৰ বাবে জেমিনৰ অশেষ অৱদান আছে ৷ তেওঁৰ কাৰ্যকালত ব্ৰিটেইনে হংকং আৰু পৰ্তুগালে মাকাউক চীনক গতাই দিয়ে। ২০০৮ চনত বেইজিঙত অলিম্পিক আয়োজনৰ দায়িত্ব নিশ্চিত কৰাত জেমিনে মুখ্য ভূমিকা পালন কৰিছিল।
১৯৯৬ চনত জেমিন ভাৰতলৈ আহিছিল। ১৯৪৯ চনৰ পিছত চীনৰ কমিউনিষ্ট পাৰ্টিৰ অধীনত ভাৰত ভ্ৰমণ কৰা প্ৰথমজন চীনৰ ৰাষ্ট্ৰপতি। এই ভ্ৰমণৰ সময়ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ উত্তেজনা হ্ৰাস কৰাৰ লক্ষ্যৰে তেওঁ আলোচনাত মিলিত হয় ৷