বিয়াৰ আঙঠি সদায় সকলোৰে বাবে এক বিশেষ অলংকাৰ। বেছিভাগ পৰিয়ালতে বিয়াত বা এংগেজমেণ্টৰ আগতে আঙঠি বিনিময় কৰাৰ প্ৰথা আছে। এই আঙঠিটো সাধাৰণতে বাওঁহাতৰ অনামিকা আঙুলিত পিন্ধা হয়। কিন্তু আপুনি জানেনে কিয় বিয়াৰ আঙঠি অনামিকা আঙুলিত পৰিধান কৰা হয় ৷কেৱল অভ্যাস বা ৰীতি-নীতিৰ বাবেই নহয়, ইয়াৰ আঁৰত একাধিক কাৰণ আছে। বিভিন্ন দেশত এই প্ৰথাক লৈ আছে নানা জনবিশ্বাস ৷
এই সংস্কৃতিৰ উৎপত্তি পশ্চিমীয়া দেশত হোৱা বুলি বিশ্বাস কৰা হয়। প্ৰাচীন ৰোমত ‘ভেনা আমোৰিয়াছ’ অৰ্থাৎ প্ৰেমৰ শিৰা বাওঁহাতৰ অনামিকা আঙুলিৰ পৰা পোনে পোনে হৃদয়লৈ যায় বুলি বিশ্বাস কৰা হৈছিল। সেয়েহে এই আঙুলিত বিয়াৰ আঙঠি পিন্ধা হয়। পিছলৈ এই সংস্কৃতি সমগ্ৰ বিশ্বতে বিয়পি পৰে ৷
ইয়াৰ উপৰিও চীনত অনামিকা আঙুলিত বিয়াৰ আঙঠি পিন্ধাৰ ধাৰা আছে। কিন্তু এই দেশৰ অন্তৰ্নিহিত কাৰণটো ৰোমৰ বিশ্বাসৰ পৰা পৃথক। চীনৰ পৌৰাণিক কাহিনী অনুসৰি প্ৰতিটো আঙুলিৰ তাৎপৰ্য বেলেগ বেলেগ। বুঢ়া আঙুলিটোৱে পিতৃ-মাতৃ, তৰ্জনী আঙুলিৱে আত্মীয় আৰু ভাই-ভনীক প্ৰতিনিধিত্ব কৰে। আনহাতে মধ্যমই আত্মা আৰু সন্তানক প্ৰতিনিধিত্ব কৰে। আৰু অনামিকা আঙুলিটোৱে পত্নীক প্ৰতিনিধিত্ব কৰে । এই তত্ত্বৰ বাবেই চীনত অনামিকা আঙুলিত বিয়াৰ আঙঠি পিন্ধা হয়।
আনহাতে, ষোল্ল শতিকাত বিখ্যাত ডাচ চিকিৎসক লেভিনাছ লেমনিয়াছে তেওঁৰ গ্ৰন্থত লিখিছিল যে কোনো মহিলাই অনামিকা আঙুলিত সোণৰ আঙঠি ঘঁহি থাকিলে তেওঁলোকৰ হৃদয়ত মৃদু আলোড়নৰ সৃষ্টি হয় । যাৰ বাবেই তেওঁৰ শৰীৰ আৰু মন সতেজ হৈ থাকে ।
ভাৰতীয় জ্যোতিষে এই বিষয়ে কি কয় জানেনে ? বিশুদ্ধ প্ৰেম হৈছে স্বৰ্গীয় অনুভূতি আৰু অবিৰত প্ৰক্ৰিয়া। জন্ম তালিকাৰ পঞ্চম স্থানৰ পৰা প্ৰেমৰ আত্মপ্ৰকাশৰ বিচাৰ কৰা হয়। কাল্পুৰুষৰ পঞ্চম ঘৰ হৈছে সিংহ ৰাশি যি ৰৱি ৰাশি বা প্ৰেমৰ চিন। আৰু ৰৱিৰ আঙুলি হৈছে অনামিকা । সেয়েহে অনামিকা আঙুলিটোৱেই হৈছে প্ৰেমৰ আঙুলি। বাওঁহাতত কিয় এই আঙঠি পিন্ধা হয় তাৰ আঁৰত এটা কাহিনী আছে। ভাৰতীয় শাস্ত্ৰত অতীজৰে পৰা নাৰীক বাওঁ বুলি কোৱা হয়। আৰু অৰ্ধনাৰীশ্বৰত মহিলা বাওঁফালে থাকে।যদিও ইয়াৰ আঁৰৰ কাৰণ বেলেগ বেলেগ, তংসত্বেও বিয়াৰ আঙঠি অনামিকা আঙুলিত পৰিধান কৰাৰ নিয়ম যুগ যুগ ধৰি চলি আহিছে ৷