ভূমিকম্পৰ পিছত জৰুৰীভাৱে উদ্ধাৰ অভিযান চলোৱাটো অত্যন্ত কঠিন । বৃহৎ ঘৰ ভাঙিলে বহু মানুহ ইয়াৰ ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰে। সঠিক সময়ত উদ্ধাৰ কৰিব নোৱাৰিলে বহু লোকে প্ৰাণ হেৰুৱায়। এই সমস্যাৰ সমাধান আনিছে বেলজিয়ামৰ ‘এপ’পো’ নামৰ এটা কোম্পানীয়ে। ধ্বংসাৱশেষৰ পৰা বন্দীসকলক কেনেকৈ ক্ষিপ্ৰতাৰে উদ্ধাৰ কৰিব পাৰি তাৰ সমস্যা সমাধানৰ বাবে বিশেষজ্ঞসকলে এন্দুৰৰ সহায় ল’ব ৷
সংস্থাটোৰ সৈতে জড়িত বিশেষজ্ঞসকলে ভূমিকম্পৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিৰ কৃত্ৰিম পৰিৱেশ সৃষ্টি কৰি এন্দুৰবোৰক প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ ইয়াৰ লগত প্ৰযুক্তিৰ সহায় লোৱা হৈছে । আইণ্ড হ’ভেন ইউনিভাৰ্চিটি অৱ টেকন’লজিৰ এজন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰে এন্দুৰৰ বাবে এটা ‘বেকপেক’ প্ৰস্তুত কৰিছে ৷ এই বেগটোত ভিডিঅ’ কেমেৰা, মাইক্ৰ’ফোন আৰু লোকেচন ট্ৰেন্সমিটাৰ থাকিব। প্ৰথম অৱস্থাত এই বেগটোৰ নাম আছিল ‘ৰেট পেক’। অভিযন্তাজনে কয় যে কোনোবা ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থাকে তেন্তে এন্দুৰৰ দেহত বান্ধি দিয়া বেগৰ কেমেৰা আৰু মাইক্ৰ’ফোনৰে প্ৰত্যক্ষ কৰিব পাৰিব ৷ ব্যক্তিজন য’তেই আবদ্ধ হৈ থাকে তাতেই তেওঁৰ সঠিক স্থান আনটো মূৰত থকা লেপটপটোতো ধৰা পৰিব।
প্ৰথম অৱস্থাত সফল হ’লেও এতিয়াও বহু কাম বাকী আছে বুলি গৱেষকসকলে মন্তব্য কৰিছে। তেওঁলোকৰ মতে বেগৰ আকাৰ আৰু ওজন আৰু হ্ৰাস কৰিব লাগে। বেগটো যিমানেই লঘু হ’ব সিমানেই এন্দুৰটোৱে বেগটো পিঠিত লৈ ঘূৰি ফুৰিবলৈ সহজ হ’ব। নিওপ্ৰিন ভেষ্টৰ জৰিয়তে এন্দুৰটোৰ লগত বেগটো সংলগ্ন কৰা হ’ব বুলিও তেওঁ কয়। সাধাৰণতে স্কুবা ডাইভিং কৰাৰ সময়ত এই নিওপ্ৰিনৰ দ্বাৰা স্কুবা ছুট তৈয়াৰ কৰা হয়।
এই জৰুৰীকালীন অৱস্থাৰ বাবে বিশেষজ্ঞসকলে মাটি খান্দি থকা সময়ত মেচিনটোৱে কৰা শব্দৰ দৰে কিছু শব্দ কৰি এন্দুৰবোৰক সাজু কৰি তুলিছে। ইয়াৰ পিছত এন্দুৰবোৰক বিভিন্ন স্তৰ সৃষ্টি কৰি প্ৰশিক্ষণ দিয়া হ’ব, যাতে সিহঁতে ঘূৰি ফুৰিবলৈ আৰাম পায়। এই প্ৰশিক্ষণ অধ্যয়নৰ নেতৃত্বত আছে ড’না কিনে। এন্দুৰয সকলো ধৰণৰ পৰিৱেশৰ লগত খাপ খাব পাৰে বুলি ড’নাই কয়। স্বভাৱতে কৌতুহলীও। ভূমিকম্পৰ পিছতো ধ্বংসাৱশেষত প্ৰৱেশ কৰিবলৈ এন্দুৰ সক্ষম হয়। গতিকে উদ্ধাৰ কার্যৰ বাবে এন্দুৰ উপযোগী।
ড’নাই কয় যে এন্দুৰবোৰক সপ্তাহত ৫ দিন ১৫ মিনিটৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল। প্ৰশিক্ষণৰ পিছত কেতিয়াবা পৃথক পৃথক পিঞ্জৰাত ৰখা হয়। কেতিয়াবা একে লিংগৰ এন্দুৰৰ সৈতে একেটা পিঞ্জৰাতে ৰখা হয়।” তেওঁ কয়, গৱেষণা এতিয়াও চলি আছে। এন্দুৰৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিবলৈ ৯ মাহৰ পৰা ১ বছৰ সময় লাগে। তেওঁ আশাবাদী যে আগন্তুক এবছৰৰ ভিতৰত সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’ব।