কুকুৰাৰ ডাকত পুৱা বিছনা পৰিত্যাগ কৰাটো এতিয়াও হয়তো বহু মানুহৰ অভ্যাস ৷ কুকুৰাৰ ডাকক লৈ আছে বহু প্ৰৱচন ৷ কিন্তু কুকুৰাই ডাক দিয়াৰ বাবেই কেতিয়াবা আৰক্ষীৰ ওচৰত গোচৰ দিয়া আপুনি শুনিছেনে ? যদি নাই শুনা তেতিয়াহ’লে আমি আপোনাক অৱগত কৰিব বিচাৰিছো তেনে এটা ঘটনা ৷ অসময়ত ডাক দিয়াৰ বাবেই কুকুৰাৰ গৰাকীৰ বিৰুদ্ধে গোচৰ তৰিছে এজন চিকিৎসকে ৷ এই ঘটনা সংঘটিত হৈছে ইন্দোৰত ৷
ঘটনাৰ বিবৰণী অনুসৰি মধ্যপ্ৰদেশৰ ইন্দোৰৰ বাসিন্দা এজন চিকিৎসকে চুবুৰীয়াৰ কুকুৰাৰ ডাকত সাৰ পোৱাৰ বাবে আৰক্ষীৰ ওচৰলৈ যায়। অভিযোগ অনুসৰি প্ৰতিদিনে পুৱা ওচৰৰ ঘৰৰ পোহনীয়া কুকুৰাৰ ডাকে তেওঁক জগাই দিয়ে ৷ পেছাগত কাৰণত তেওঁ গভীৰ নিশা ঘৰলৈ উভতি আহে ৷ গতিকে পুৱা সোনকালে সাৰ পালে গোটেই দিনটোৰ কামত ব্যাঘাত জন্মিব পাৰে। যাৰ ফলত ৰোগীৰ চিকিৎসাত প্ৰভাৱ পৰিব পাৰে।
চিকিৎসক গৰাকীয়ে কয়-, “প্ৰতিদিনে ৰোগী চোৱাৰ পিছত ঘৰলৈ উভতি আহোতে নিশা দেৰি হয়। সাধাৰণতে নিশা শোতেওদেৰি হয়। দেৰিকৈ শোৱাৰ বাবে পুৱা সোনকালে উঠিবলৈ কঠিন। কিন্তু চুবুৰীয়া এঘৰ মহিলাৰ ঘৰৰ পোহনীয়া কুকুৰাৰ ডাকত সোনকালে সাৰ পাবলগীয়া হয় ৷ পুৱা হোৱাৰ লগে লগে জোৰে জোৰে কুকুৰাই চিঞৰিবলৈ আৰম্ভ কৰে । মহিলাগৰাকীক বহুবাৰ ফোন কৰি এই কথা কোৱা হৈছে ৷ কিন্তু কোনো গুৰুত্ব নিদিলে ৷ কেৱল মোৰ কামেই নহয় মোৰ শৰীৰৰো ক্ষতি হৈছে ৷”
প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দুয়োপক্ষৰ সৈতে কথা পাতি বিষয়টো নিষ্পত্তি কৰাৰ প্ৰয়াস কৰা হ’ব। কিন্তু তাৰ পিছতো যদি সমস্যাৰ সমাধান নহয় তেন্তে ফৌজদাৰী বিধি আইন (CrPC)ৰ ১৩৩ নং ধাৰাত গোচৰ ৰুজু কৰা হ’ব।