প্ৰথমবাৰৰ বাবে ভাৰতীয় নৌসেনাই অগ্নিবীৰ আঁচনিৰ অধীনত ৩৪১ গৰাকী মহিলা নাৱিকক নিযুক্তি প্ৰদান কৰিছে ৷ ভাৰতীয় নৌসেনাই ২০৪৭ চনৰ ভিতৰত চৰকাৰক ‘আত্মনিৰ্ভৰ’ (আত্মনিৰ্ভৰশীল) কৰি তুলিব বুলি আশ্বাস দিছে ৷ আজি নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰে এই কথা প্ৰকাশ কৰে।
নৌসেনা দিৱসৰ পূর্বে সংবাদমেল সম্বোধন কৰি তেওঁ লগতে কয় যে ভাৰত মহাসাগৰীয় অঞ্চলত চীনৰ বিভিন্ন সামৰিক আৰু গৱেষণা জাহাজৰ গতিবিধিৰ ওপৰত নৌসেনাই দৃষ্টি ৰাখিছে ৷ তেওঁ কয় যে ভাৰতীয় নৌসেনাই যোৱা এবছৰত নিজকে যথেষ্ট শক্তিশালী কৰিছে ৷
নৌসেনাৰ মুৰব্বীগৰাকীয়ে কয়, “চৰকাৰে আত্মনিৰ্ভৰ ভাৰত সন্দৰ্ভত আমাক স্পষ্ট নিৰ্দেশনা দিছে। আমি আশ্বাস দিছো যে ২০৪৭ চনৰ ভিতৰত ভাৰতীয় নৌসেনা আত্মনিৰ্ভৰ হ’ব।”
এডমিৰেল হৰি কুমাৰে লগতে কয় যে যোৱা এবছৰত নৌসেনাই যথেষ্ট সফলতা অর্জন কৰিছে ৷ বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্তৰ আৰম্ভণি ভাৰতৰ বাবে এক উল্লেখযোগ্য ঘটনা বুলিও তেওঁ কয়।
নৌসেনাৰ মুৰব্বীগৰাকীয়ে কয় যে নৌসেনাৰ লক্ষ্য দেশৰ বাবে মেড-ইন-ইণ্ডিয়া নিৰাপত্তা সমাধান প্ৰস্তুত কৰা ৷ নৌসেনাত যোগদান কৰিছে প্ৰায় ৩ হাজাৰ অগ্নিবীৰ ৷ ইয়াৰে ৩৪১ গৰাকী মহিলা। প্ৰথমবাৰৰ বাবে আমি মহিলা নাৱিকক নিযুক্তি দিছো বুলিও কয় এডমিৰেল কুমাৰে।