গুজৰাট বিধানসভা নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আজি নিজৰ ভোটাধিকাৰ সাৱ্যস্ত কৰে ৷ সোমবাৰে পুৱা প্ৰায় ৯:৩০ বজাত ৰাণীপৰ নিশান পাব্লিক স্কুলত ভোটদানৰ বাবে উপস্থিত হয় মোদী ৷ আহি পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে নিজৰ ষ্টাইলত হাত জোকাৰি আৰু চেলুট দি ৰাইজক সম্ভাষণ জনায়। পথৰ দুয়োকাষে ৰৈ থকা লোকেসকলেও বুথলৈ খোজ কাঢ়ি যোৱাৰ সময়ত ‘মোদী মোদী’ ধ্বনিৰে সম্ভাষণ জনায় ৷ভোটদানৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘নিৰ্বাচন যি ধৰণেৰে চলি আছে, সেইটোৱে এক নজিৰ ৰচনা কৰিছে। লগতে নির্বাচন আয়োগক ইমান সুন্দৰ আৰু স্বচ্ছ পদ্ধতিৰে অনুষ্ঠিত কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।‘
উত্তৰ গুজৰাটৰ ১৪খন জিলাত ৯৩টা সমষ্টিত আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷সমগ্ৰ আহমেদাবাদ, বৰোদা, গান্ধীনগৰ আদি জিলাত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলকে ধৰি মুঠ ৮৩৩ গৰাকী প্ৰাৰ্থীয়ে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। গুজৰাটত দ্বিতীয় পৰ্যায়ত পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ ৪.৭৫ শতাংশ বুলি জানিব পৰা গৈছে ৷