হাৱাই দ্বীপৰ বিশ্বৰ সৰ্ববৃহৎ সক্ৰিয় আগ্নেয়গিৰি মাউনা ল’য়া জাগ্ৰত হোৱাৰ দুসপ্তাহৰ ভিতৰতে পৃথিৱীত আন এক সক্ৰিয় আগ্নেয়গিৰি জাগ্ৰত হৈছে। ইণ্ডোনেছিয়াৰ পূব জাভাত থকা মাউণ্ট চেমেৰুৰ উদ্গীৰণ ঘটিছে ৷ দেওবাৰে স্থানীয় সময় অনুসৰি দুপৰীয়া ২:৩০ বজাত আগ্নেয়গিৰিটোৰ লাভা নিৰ্গত হ’বলৈ আৰম্ভ কৰে। ৰাজধানী জাকাৰ্টাৰ পৰা প্ৰায় ৬৪০ কিলোমিটাৰ দক্ষিণ-পূবে অৱস্থিত মাউণ্ট চেমেৰু। ইতিমধ্যে ছ’চিয়েল মিডিয়াত উদ্গীৰণৰ কেইবাটাও ভিডিঅ’ বিয়পি পৰিছে।
অগ্নেয়গিৰিটোৰ উদ্গীৰণৰ বাবে পূব জাভাৰ কেইবাটাও পথ আৰু ঘৰ লাভা ছাইৰে আবৃত হৈ পৰে। আগ্নেয়গিৰিৰ সমীপৰ গাঁৱৰ পৰা প্ৰায় ২০০০ স্থানীয় বাসিন্দাক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে ৷ এই লোকসকলক বিদ্যালয় আৰু চৰকাৰী অট্টালিকাত আশ্ৰয় দিয়া হৈছে বুলি চৰকাৰে জানিবলৈ দিয়ে।
দেওবাৰে ইণ্ডোনেছিয়াৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ এক বিবৃতিত কোৱা হৈছে যে লাভাৰ প্ৰবাহৰ বাবে এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই। আগ্নেয়গিৰিৰ ছাইৰ পৰা শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ আশংকা হ্ৰাস কৰাৰ বাবে স্থানীয় ৰাইজৰ হাতত ২০ হাজাৰৰো অধিক মাস্ক বিতৰণ কৰা হৈছে।
ইণ্ডোনেছিয়াৰ চেণ্টাৰ ফৰ ভলকেন’লজি এণ্ড জিঅ’লজিকেল হেজাৰ্ড মিটিগেশ্যনে এক বিবৃতিত কয় যে এই উদ্গীৰণৰ বাবে চতুর্থ পর্যায়ৰ সতর্কতা জাৰি কৰা হৈছে। বিএনপিবিয়ে স্থানীয় ৰাইজক চেমেৰুৰ উদ্গীৰণ কেন্দ্ৰৰ পৰা কমেও ১৭ কিলোমিটাৰ দূৰত্বত থাকিবলৈ সকীয়াই দিছে।
কেন্দ্ৰৰ পৰা ১২ কিলোমিটাৰ পৰ্যন্ত আগ্নেয়গিৰিৰ ছাই বিয়পি পৰা বুলিও খবৰ পোৱা গৈছে।যোৱা বছৰ এই আগ্নেয়গিৰিৰ উদ্গীৰণত ৫০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈছিল।
দেওবাৰৰ পৰা আৰম্ভ হোৱা উদ্গীৰণৰ ফলত ২০২১ চনৰ উদ্গীৰণতকৈ অধিক লাভা নিৰ্গত হোৱা বুলিও প্ৰশাসনে অৱগত কৰে। সেয়ে এইবাৰ লাভা অধিক অঞ্চললৈ বিয়পি পৰিব পাৰে আৰু ক্ষতিৰ পৰিমাণ বৃদ্ধি পাব পাৰে বুলি প্ৰশাসনে আশংকা কৰিছে। যোৱা মাহত পশ্চিম পূব জাভাত ধাৰাবাহিকভাৱে ভূমিকম্পৰ পিছত পুনৰ মাউণ্ট চেমেৰু উদ্গীৰণ ঘটিছে ৷