সমাধিস্থ কৰাৰ ১০ বছৰ পাছত কোনো লোকৰ শৰীৰ একেদৰে থাকিব বুলি আপুনি ভাবেনে ? কিন্তু মৃত্যুৰ ১০ বছৰ পাছতো এগৰাকী মহিলাৰ মৃতদেহ একে অৱস্থাত থকাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ।এই ঘটনা সংঘটিত হৈছে ডমিনিকান ৰিপাব্লিকত। এটা পৰিয়ালে মৃতদেহটো খনন কৰি পুনৰ সমাধিস্থ কৰে ।ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মৃতদেহটো সজাই তোলাৰ ভিডিঅ’৷
মৃতদেহ খনন কৰা মহিলাগৰাকীৰ নাম মাৰ্গাৰিটা ৰ’জাৰিয়া। ডমিনিকান ৰিপাব্লিকৰ জাৰাবাকোয়াৰ লা কলনিয়া কবৰস্থানত তেওঁক সমাধিস্থ কৰা হৈছে। ভিডিঅ’টোত এজন যুৱকে তেওঁৰ শৰীৰত ধৰি থকা দেখা গৈছে, আনহাতে এগৰাকী মহিলাই শৰীৰত বগা গাউন পিন্ধাই দিছে। ভিডিঅ’টোত দেখা গৈছে যে মৃত মহিলা গৰাকীৰ শৰীৰৰ ছাল আৰু হাড় বিশেষভাৱে পচি যোৱা নাই। মূৰৰ চুলিবোৰ একেই আছে ।
সাধাৰণতে সমাধিস্থ কৰাৰ কেইমাহমানৰ ভিতৰতে শৰীৰৰ অধিকাংশ অংগ পচি যায়। কিন্তু মাৰ্গাৰিটাৰ মৃত্যুৰ ১০ বছৰৰ পাছতো মৃতদেহটো প্ৰায় একেই থকা দেখি হতবাক হৈছে সকলো। মাৰ্গাৰিটাৰ ওচৰ-চুবুৰীয়াই দাবী কৰিছিল যে মাৰ্গাৰিটা এগৰাকী অতি ভাল মানুহ আছিল । আৰু সেইবাবেই ইমান বছৰ মৃত্যুৰ পাছতো তেওঁৰ শৰীৰটো পচি যোৱা নাছিল। অৱশ্যে মাৰ্গাৰিটাৰ পৰিয়ালে মৃতদেহটো কিয় কবৰৰ পৰা উলিয়াই আনিলে তাৰ কাৰণ প্ৰকাশ কৰিব বিচৰা নাছিল।