VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দ্বিতীয়বাৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈয়েই মোদী-শ্বাহৰ ৰাজ্যত ‘আপ’ৰ সফলতা

খনিন ডেকা by খনিন ডেকা
December 8, 2022
in ৰাজনীতি
দ্বিতীয়বাৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈয়েই মোদী-শ্বাহৰ ৰাজ্যত ‘আপ’ৰ সফলতা
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

নৰেন্দ্ৰ মোডী-অমিত শ্বাহ ৰাজ্যত দ্বিতীয়বাৰৰ বাবে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি যথেষ্ট সফলতা লাভ কৰিলে অৰবিন্দ কেজৰিৱালে। ভোট গণনা অনুসৰি আম আদমি পাৰ্টিয়ে ৫ খনতকৈ অধিক আসন লাভ কৰি প্ৰথমবাৰৰ বাবে গুজৰাট বিধানসভাত একাউণ্ট খুলিবলৈ সক্ষম হৈছে।ৰাজ্য খনত ১২ শতাংশতকৈ অধিক ভোট পাইছে আমি আদমী পাৰ্টিযে।

২০১৭ চনত গুজৰাট বিধানসভা নিৰ্বাচনত আপে ২৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। সকলো সমষ্টিতে তেওঁলোকৰ আমানত ধান জব্দ কৰা হৈছিল। ভোট গণনা অনুসৰি এইবাৰ কেজৰিৱালৰ দলৰ ভোট ১২ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। দিল্লী আৰু পঞ্জাৱ বিধানসভাত জয়লাভ কৰাৰ পাছত গুজৰাটৰ এই সমীক্ষাই আপক ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। আপ নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই বৃহস্পতিবাৰে কয় যে এইবাৰ তেওঁলোকে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ কৰিছে।

সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ বাহিৰেও আহমেদাবাদ-গান্ধীনগৰৰ কেইবাখনো আসনত কংগ্ৰেছৰ পিছতে দ্বিতীয় স্থান লাভ কৰে আপৰ প্ৰাৰ্থীয়ে। নৰ্মদা, গিৰ-সোমনাথ, সুৰেন্দ্ৰনগৰ, টাপি, আমৰেলি, আৰাৱল্লী, পৰবন্দৰ, দহোদ, দ্বাৰকা আদি জিলাত আপ প্ৰাৰ্থীয়ে উল্লেখযোগ্য ভোট লাভ কৰে। সমীক্ষা সংস্থাসমূহৰ অংশই কয় যে আপৰ এই আচৰিত উত্থানৰ বাবেই বিজেপিয়ে গুজৰাট বিধানসভাত সৰ্বকালৰ অভিলেখ আসন লাভ কৰি ইতিহাস ৰচনা কৰিছে। কংগ্ৰেছ পুনৰ গুজৰাটত ভাল ফলাফল দেখুৱাবলৈ ব্যৰ্থ হল। লোকসভাৰ দৰেই মল্লিকাৰ্জুন খৰ্গে-ৰাহুল গান্ধী দলে গুজৰাট বিধানসভাত ‘বিৰোধী মৰ্যাদা’ হেৰুৱাৰ উপক্ৰম হৈছে।

২০২১ চনৰ উপ-নিৰ্বাচনত আপে অত্যন্ত ভাল প্রদশৰ্ন কৰিবলৈ সক্ষম হৈছিল। দক্ষিণ গুজৰাটৰ চুৰাটত বিৰোধী দল আম আদমি পাৰ্টিয়ে ২৭টা ৱাৰ্ডত জয়লাভ কৰি কংগ্ৰেছক ‘শূন্য’লৈ ঠেলি দিয়ে। প্ৰায় ২৯ শতাংশ ভোট লাভ কৰে। ইয়াৰ কিছু সময়ৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্যত বিজেপিৰ ‘সম্ভাৱ্য প্ৰত্যাহ্বানকাৰী’ হিচাপে অৰবিন্দ কেজৰিৱালৰ নামক লৈ আলোচনা আৰম্ভ হয়।

Previous Post

সমাধিস্থ কৰাৰ দহ বছৰৰ পাছত খান্দি উলিওৱা মহিলাৰ মৃতদেহ, শৰীৰৰ স্বাভাৱিক ৰূপ দেখি হতবাক পৰিয়াল

Next Post

এইবাৰ ‘হোৱাটছএপ’ত নতুন ৩ডি অৱতাৰৰ সুবিধা

Related Posts

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী
ৰাজনীতি

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী

January 28, 2023
অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা – ৰাজ্যজুৰি বুথ সভা সম্পন্ন
ৰাজনীতি

অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা – ৰাজ্যজুৰি বুথ সভা সম্পন্ন

January 25, 2023
মৰিগাঁও জিলা পুথিভঁৰালত বি.জে.পি. অসম প্ৰদেশৰ ৰাজ্যিক কার্যনির্বাহক সভা
ৰাজনীতি

মৰিগাঁও জিলা পুথিভঁৰালত বি.জে.পি. অসম প্ৰদেশৰ ৰাজ্যিক কার্যনির্বাহক সভা

January 24, 2023
নতুন দিল্লীৰ পৰাই ভিডিঅ’ কনফাৰেন্সৰ যোগেদি বৈঠকত মিলিত হ’ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা
ৰাজনীতি

নতুন দিল্লীৰ পৰাই ভিডিঅ’ কনফাৰেন্সৰ যোগেদি বৈঠকত মিলিত হ’ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

January 18, 2023
বি জে পিৰ জ্যেষ্ঠ নেতাৰ কংগ্ৰেছত যোগদান
ৰাজনীতি

বি জে পিৰ জ্যেষ্ঠ নেতাৰ কংগ্ৰেছত যোগদান

January 16, 2023
গুৱাহাটী উজান বজাৰস্থিত যোৰপুখুৰী উদ্যান উদ্বোধন  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
ৰাজনীতি

গুৱাহাটী উজান বজাৰস্থিত যোৰপুখুৰী উদ্যান উদ্বোধন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

January 13, 2023
Next Post
এইবাৰ ‘হোৱাটছএপ’ত নতুন ৩ডি অৱতাৰৰ সুবিধা

এইবাৰ ‘হোৱাটছএপ’ত নতুন ৩ডি অৱতাৰৰ সুবিধা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7