ভাৰতৰ এখন অন্যতম পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশ যি পৰ্যটকৰ ৰম্যভূমি ৷ আপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা এইখন ৰাজ্যৰ ৰাজধানী হ’ল চিমলা য’ত বৰদিন উদযাপনৰ পূৰ্ব প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে সকলো ৷ কৰ’ণাকালৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে চিমলাত অতি ধুম-ধামেৰে উদযাপন কৰা হ’ব বৰদিন৷ এইবাৰ চিমলাত উদযাপিত হ’ব শ্বেত-বৰদিন ৷ কিয়নো এইবাৰ নৱেম্বৰ মাহৰ পৰাই বৰফাবৃত হৈ পৰিছে হিমাচলৰ ৰাজধানী চহৰ চিমলা আৰু সেয়েহে আশা কৰা হৈছে যে এইবাৰ চিমলাৰ এই বৰফৰ বৰদিন উদযাপন কৰিবলৈ চহৰখনত সমাগম ঘটিব বহু লোকৰ ৷
বৰদিনৰ বাবে জাকত জিলিকাকৈ সজাই তোলা হৈছে চিমলাৰ ঐতিহাসিক ক্ৰাইষ্ট চাৰ্চ। ইয়াৰ লগতে ইংলেণ্ডৰ পৰা অনা ঘণ্টা মেৰামতিৰ কামো সম্পূৰ্ণ হৈ উঠিছে চহৰখনত। উল্লেখনীয় যে ক্ৰাইষ্ট চাৰ্চক চিমলাৰ মাইলৰ খুটি বুলি গণ্য কৰা হয় কিয়নো ইয়াত আছে ১৫০ বছৰ আগতে ইংলেণ্ডৰ পৰা ইয়ালৈ প্ৰাৰ্থনাৰ বাবে অনা এটা কল বে’ল ।প্ৰাৰ্থনাৰ আগত ইয়াত এই বে’লটো বজোৱা হয়।
অৱশ্যে এই ঘণ্টাটো এটা সাধাৰণ ঘণ্টা নহয় বৰঞ্চ ই ধাতুৰে নিৰ্মিত পাইপৰ এটা অংশ। এই পাইপবোৰত সংগীতৰ সাতটা স্বৰৰ শব্দ আহে। এই পাইপবোৰে হাতুৰীৰে শব্দ কৰে, যিটো ৰছী টানি বজাই দিয়া হয়। এই ৰছীডাল যন্ত্ৰৰ দ্বাৰা নহয়, হাতেৰে টানি বজোৱা হয়। দেওবাৰে পুৱা ১১ বজাত অনুষ্ঠিত হোৱা প্ৰাৰ্থনাৰ পাঁচ মিনিট আগতে প্ৰতি বছৰে এই ঘণ্টাটো বাজি উঠে। আনহাতে বৰদিন আৰু নৱবৰ্ষ উপলক্ষে ৰাতি ১২ বজাত এই ঘণ্টাটো বজাই বৰদিন উদযাপন কৰা হয়।
তাৎপৰ্যপূৰ্ণভাৱে ১৮৪৪ চনৰ ৯ ছেপ্টেম্বৰত এই গীৰ্জাৰ ভেটি স্থাপন কৰে কলকাতাৰ বিচপ ডেনিয়েল উইলছনে। ১৮৫৭ চনত ইয়াৰ কাম সম্পূৰ্ণ হয়। এই ঘণ্টাটো প্ৰতিষ্ঠাৰ ২৫ বছৰৰ পাছত ইংলেণ্ডৰ পৰা চিমলালৈ অনা হৈছিল। ১৯৮২ চনত ই নষ্ট হৈ যায় যাক এতিয়া ৪০ বছৰৰ পাছত পুনৰুদ্ধাৰ কৰা হৈছে।