VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসমীয়া সংস্কৃতিৰ ঐতিহ্য ‘পীৰা’

স্মৃতিৰ গৰ্ভত বিলীন হ'ব খোজা চিনাকী পীৰাখন

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
December 8, 2022
in অভিমত
অসমীয়া সংস্কৃতিৰ ঐতিহ্য ‘পীৰা’
0
SHARES
131
VIEWS
Share on FacebookShare on Twitter

অসমৰ গাৱঁলীয়া সমাজৰ এক পৰিচিত নাম পীৰা। পীৰা অৰ্থাৎ আসন, য’ত বহি অসমীয়া লোকে সকলো ধৰণৰ কাম কৰিছিল। বৰ্তমান সময়ত পীৰাৰ পৰিচয় নাইবা পীৰা বুলি ক’লে আমি বুজি পাওঁ বিয়াত দৰা – কইনাই বহা কাৰু-কাৰ্যসূচীত কাঠেৰে নিৰ্মিত চাৰিটা খুৰা থকা এখন ধুনীয়া পীৰা। বিয়া -সবাহ বা আন কিছুমান অনুষ্ঠানৰ বাহিৰে আজিৰ দিনত পীৰা ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা নাযায়।
পীৰা অসমীয়া সংস্কৃতিৰ বাপতি সাহোন। পীৰা নোহোৱা ঘৰখনৰ কথা কল্পনাই কৰিব নোৱাৰি। আজি কিছু বছৰ আগতেও পীৰাখন অতি প্ৰয়োজনীয় আহিলা হোৱাৰ লগতে অসমীয়া সকলৰ মাজত সৰ্বত্ৰতে ব্যৱহৃত হৈছিল। অসমীয়া মানুহে নিজেও পীৰাত বহিছিল আৰু আনকো পীৰাত বহিবলৈ দিয়াতো সন্মানৰ কথা বুলি ভাবিছিল। প্ৰতিঘৰ অসমীয়াৰ পাকঘৰত বেৰত আওজাই থোৱা হৈছিল বিভিন্ন ধৰণৰ পীৰা। ঘৰৰ ডাঙৰ মানুহজনৰ বাবে ডাঙৰ পীৰাখনৰ দৰে সৰু বোৰৰ বাবে সৰু পীৰাও আছিল । আনকি সকলোৰে নিজস্ব একোখন পীৰা আছিল। পীৰাবোৰত কেতিয়াবা ফুল কাটি নক্সা বনোৱাৰ দৰে কিছুমান পীৰা ৰঙ-বিৰঙৰ কৰি লোৱা হৈছিল। যৌথ পৰিয়াল বোৰত ডাঙৰ পাকঘৰত বহুত পীৰা সজাই থোৱা হৈছিল। ভাত খাবৰ সময়ত পীৰাবোৰ মাটিত পাৰি দিয়া হৈছিল অতি পৰিপাটিকৈ। আজিকালি চকী -মেজ ( ডাইনিং -টেবুল) ব্যৱহাৰ হ’বলৈ ধৰাত পীৰাবোৰৰ অস্তিত্ব নোহোৱা হৈ গ’ল বা ঘৰৰ কোনোবা চুক এটাত পৰি থাকিল নীৰৱে।

অসমীয়া মানুহে চিনাকী অচিনাকী সকলোকে বৰপীৰা পাৰি বৰঘৰত বহুৱাইছিল। সাধাৰণতে বৰপীৰা , তামুলী পীৰা , ডুখুৰী পীৰা , চালপীৰা আদি বিভিন্ন নামেৰে পীৰাৰ নামাকৰণ কৰা হৈছিল।
বাপতি সাহোন ব’হাগ বিহুত বিহুগীত -বনগীত আদিত পীৰাই স্থান লাভ কৰা দেখিবলৈ পোৱা যায় —–
” চিৰিপ চিৰিপ কৰি নৈতে পীৰা পাৰি
তুমি কাৰে কাপোৰ ধোৱা;
ভৰি ধোৱা চলেৰে তোমাক সুধি গ’লো
তুমি কাৰে কিয়ে হোৱা।”

আমাৰ সমাজ জীৱনত প্ৰতিটো ক্ষেত্ৰতে পীৰাৰ উল্লেখ দেখিবলৈ পোৱা যায়। উজনি -নামনি সকলো অঞ্চলতে যোজনা ফকৰা আদিত পীৰাৰ উল্লেখ মন কৰিবলগীয়া —
“মাহেকে -পষেকে যাবা
বৰ পীৰা খন পাবা ।
সপ্তাহে সপ্তাহে যাবা
থকনা গোজনা খাবা।” ঠিক সেইদৰে–

” খাব জানিলে চাউলেই চিৰা
বহিব জানিলে মাটিয়েই পীৰা।”

গোৱালপাৰা অঞ্চলত সাধুকথাত প্ৰচলিত–
” দাঁতিনী বুঢ়ি নাতিনী খায়
পীৰাই মানুষে উটিয়া যায়।”

অসমীয়া শিশুগীত সমূহতো সৰল মনৰ শিশুৱে বেলিটোক খেলিবলৈ মাতিব লওঁতেও পীৰা খনৰ উল্লেখ হয়—
” ৰ’দালিয়ে ৰ’দ দে, ৰ’দ দে–
আলি কাটি জালি দিম
বৰ পীৰা পাৰি দিম
তাতে বহি ৰ’দ দে ৰ’দ দে।”

অসমৰ জনগোষ্ঠীৰ মাজত জন্ম-বিবাহ-মৃত্যু সম্পৰ্কীয় লোকাচাৰত পীৰাৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়। লোকবিশ্বাস মতে , জন্মৰ পাঁচ বা ছয় দিনৰ দিনাখন বিধাতাই শিশুৰ ভাগ্যলিপি লিখিবলৈ আহে সেইবাবে ৰাতি প্ৰসূতিৰ কোঠাত নৈবেদ্য আগবঢ়াই উকা কাকত এখিলা , পাখি কলম এডালেৰে এখন তামুলী পীৰা নতুন গামোচাৰে ঢাকি থৈ দিয়ে। বিধাতাই আহি অদৃশ্য হাতেৰে ভাগ্যলিপি ভালকৈ লেখি থৈ যায় বুলি বিশ্বাস কৰা হয়।
পীৰাৰ ব্যৱহাৰ সম্পৰ্কে কিছুমান নীতি-নিয়ম আছে। আলহী অহা মাত্ৰকে ঠাই এডোখৰ সৰা মোচা কৰি পীৰা এখন পাৰি বহিবলৈ দিয়া হয়। তাৰ পিছতহে খবৰ-বাতৰি লোৱা হৈছিল। ঠিক সেইদৰে আলোহী জঁনেও উঠি আঁহোতে পীৰা খন উঠাই থৈ দিয়ে নাইবা অলপমান হ’লেও আঁতৰাই থৈ অহাৰ নিয়ম আছিল। কাৰণ নোহোৱাকৈ কেতিয়াও পীৰা পাৰি থোৱা নহয় , বিশেষকৈ ৰাতিৰ সময়ত। ৰাতি পীৰা পাৰি থলে ভূত আহি বহে বুলি জনবিশ্বাস আছে।
অসমীয়া লোক-সাহিত্যত পীৰাকলৈ বিভিন্ন সাধু কথা আৰু কাহিনী গীতৰো সৃষ্টি হৈছে—

” ক’ৰ পৰা আহিলি শাঁখিনী তেজা
আহিয়েই ভাঙিলি বৰপীৰাৰ খুৰা।
ক’ৰ পৰা আহিলি শাঁখিনী তেজা
আহিয়েই ভাঙিলি চালপীৰাৰ খুৰা।”

শিশু সকলৰ খেল-ধেমালীৰ গীত বোৰৰ মাজতো পীৰাৰ উল্লেখ থকা দেখিবলৈ পোৱা যায়। গোৱালপাৰা অঞ্চলত প্ৰচলিত কিছুমান খেল-ধেমালীৰ গীতত পীৰাৰ উল্লেখ মন কৰিবলগীয়া–

” ইচনী বিচনী ঢাৰা কিচনী
মৌ পাৰে চিলা পাৰে
হাকুৰ বেটি চাউল ঝাৰে
খুড়পা দেউ খুড়পা দেউ
বৰ পীৰা খান পাৰি দেও
এলপাত বেলপাত
ৰাজা ঘৰেৰ চিৰি কাট
কাটুঙ কি নাকাটুঙ ঘেচেঙ।”

বিবাহ উৎসৱতো বিশেষ ভাৱে পীৰাৰ ব্যৱহাৰ আছে। বিয়াত দৰা-কইনাক আদৰিবলৈ বা গা ধুৱাবলৈ চামৰ পীৰাৰ সমাদৰ থকাৰ দৰে কইনা ঘৰত দৰাক ভৰি ধুৱাবলৈ পীৰাক ব্যৱহাৰ কৰা হয়।
অন্যান্য উৎসৱ -পাৰ্বনতো পীৰাৰ ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায়। লখিমীৰ আগ অনা পৰ্ব , নোৱাই তোলনী বিয়া , লগুণ দিয়নী , মঙল চোৱা আদি কাৰ্যতো পীৰাৰ ব্যৱহাৰ মন কৰিবলগীয়া।
মুঠতে পীৰাৰ ব্যৱহাৰ উজনি -নামনি , জনজাতীয় -অজনজাতীয় সকলো সমাজতে ইমান বেছি আছিল যে কাৰোবাক শত্ৰু জ্ঞান কৰিলেও ‘বহিবলৈ পীৰা নিদিয়া’ কথাষাৰ ব্যৱহাৰ কৰাৰ দৰে কাৰোবাক এঘৰীয়া কৰিলেও ‘পীৰা বৰ্জন কৰা’ বুলিহে কোৱা হৈছিল।
আজিৰ দিনত আমি কেৱল অনুষ্ঠান আদিত হে পীৰা দেখিবলৈ পাওঁ। বিশেষকৈ বিবাহৰ সময়ত দৰা-কইনাক বহিবলৈ ধুনীয়াকৈ পীৰা বনাই লোৱা হয়। কিন্তু কিছু বছৰ আগলৈ যদি আমি উভতি যাওঁ আমাৰ চকুৰ আগত ভাঁহি আহে এটা আটোমটোকাৰী পাকঘৰ য’ত বিভিন্ন সামগ্ৰী থকাৰ উপৰিও শাৰী শাৰীকৈ সজাই থোৱা হৈছিল পীৰাবোৰ। ভাত হোৱাৰ উমান পালেই পাকঘৰলৈ দৌৰি যোৱা আৰু মজিয়াত পানী ছটিয়াই পীৰাবোৰ ধুনীয়াকৈ সজাই দিয়া এটা নৈমিত্তিক কামৰ ভিতৰত পৰিছিল। নিৰ্দিষ্ট একোখন সকলোৰে পীৰা থাকে আৰু সেই পীৰাবোৰত বহি ভাত খোৱা সেইদিনবোৰৰ পৰম্পৰা আছিল। পীৰা বুলি ক’লে আজিও মনলৈ আহে ‘মা’ই পাকঘৰত ভাত ৰান্ধি থকা সময়ত ‘মা’ৰ ওচৰত পীৰা পাৰি লৈ বহি কিতাপ পঢ়াৰ দিনবোৰলৈ। আজিৰ দিনত পীৰা খন অতীত হৈ গ’ল যদিও কোনো এটা সময়ত মনলৈ আহে পাকঘৰৰ মজিয়াত পীৰাত বহি ভাত খোৱা সেই সুমধূৰ দিনবোৰলৈ।

Previous Post

চিমলাৰ মাইলৰ খুটি হিচাপে গণ্য কৰা ক্ৰাইষ্ট চাৰ্চত আছে ১৫০ বছৰ পুৰণি এটা ঘণ্টা

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!
অভিমত

আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!

March 30, 2023
বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি
অভিমত

বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি

March 30, 2023
তুৰ্কীৰ ভূমিকম্পত মৃত্যুৰ শীৰ্ষ ২৪,০০০ হোৱাৰ বাবে ক্ৰোধ ,  শোক আৰু প্ৰশ্ন
অভিমত

তুৰ্কীৰ ভূমিকম্পত মৃত্যুৰ শীৰ্ষ ২৪,০০০ হোৱাৰ বাবে ক্ৰোধ , শোক আৰু প্ৰশ্ন

February 11, 2023
আমি ব্যৱহাৰ কৰি থকা প্লাষ্টিকসমূহ প্ৰকৃততে কি?
সংবাদ গুঞ্জন

আমি ব্যৱহাৰ কৰি থকা প্লাষ্টিকসমূহ প্ৰকৃততে কি?

February 7, 2023
ভুতুনী ঠাই হিচাপে পৰিচিত গাওঁখনৰ বিষয়ে আপুনি জানেনে ? এই গাওঁখন ক’ত অৱস্থিত ?
অভিমত

ভুতুনী ঠাই হিচাপে পৰিচিত গাওঁখনৰ বিষয়ে আপুনি জানেনে ? এই গাওঁখন ক’ত অৱস্থিত ?

February 6, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7