শুকুৰবাৰে মাজনিশা চেন্নাই উপকূলৰ সমীপত ঘূৰ্ণীবতাহ মনদৌছে প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। যাৰ বাবে কাইলৈ পুৱাৰে পৰা তামিলনাডুত ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী প্ৰকাশ কৰা হৈছে । চেন্নাইকে ধৰি ১২খন জিলাৰ বিদ্যালয়, মহাবিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে । পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে গাইডলাইন জাৰি কৰিছে। পশ্চিমবংগতো ইয়াৰ প্ৰভাৱ পৰিব ৷ শুকুৰবাৰৰ পৰা বতাহত জলীয় বাষ্পৰ পৰিমাণ বৃদ্ধি পাব পাৰে।
বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, শুকুৰবাৰে মাজনিশা চেন্নাইৰ সমীপৰ মমল্লাপুৰমৰ ওপৰত মনদৌছে প্ৰৱেশ কৰিব। সেই সময়ত বতাহৰ গতিবেগ ঘণ্টাত ৬৫ৰ পৰা ৭৫ কিলোমিটাৰ হ’ব। শনিবাৰে বিয়লিৰ ভিতৰত এই ঘূৰ্ণীবতাহ দুৰ্বল হৈ পৰিব। ১৩খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে বিমান কাৰ্যালয়ে।
এই মনদৌছেৰ প্ৰভাৱৰ বাবে বৃহস্পতিবাৰৰ নিশাৰ পৰা তামিলনাডুৰ উত্তৰ অংশত লঘুৰ পৰা মধ্যমীয়া বৰষুণ আৰম্ভ হৈছে। শুকুৰবাৰে পুৱা ৫:৩০ বজাত চেন্নাইত ৫২.৫ মিলিমিটাৰ বৰষুণ হয়। চেন্নাই, তিৰুভাল্লুৰ, ভেল্লোৰ, চেংগালপট্টু, ৰাণীপেট্টাই, কাঞ্চিপুৰমকে ধৰি ১২ খন জিলাত বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰি দিয়া হৈছে।
পৌৰসভাই চেন্নাইৰ সকলো উদ্যান আৰু খেলপথাৰ বন্ধ কৰাৰ নিৰ্দেশ দিছে। পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱালৈকে সকলো উদ্যান আৰু খেলপথাৰ বন্ধ থাকিব। পৌৰসভাই শুকুৰবাৰে সাগৰৰ পাৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰে। বিলৰ কাষৰ সকলো দোকান বন্ধ কৰি দিয়া হৈছে । লগতে পৌৰসভাই গাড়ী গছৰ তলত পার্কিং নকৰিবলৈ পৰামৰ্শ দিছে। সমগ্ৰ তামিলনাডুত মুকলি কৰা হৈছে ৫,০৯৩টা সাহায্য শিবিৰ। ইয়াৰে ১৬৯ টা চেন্নাইৰ। ৰাজ্যজুৰি মুকলি কৰা হৈছে ১২১টা আশ্ৰয় শিবিৰ।
ধুমুহাৰ ফলত বহু গছ উভালিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে প্ৰশাসনে। বিদ্যুৎ বিচ্ছিন্ন হ’ব পাৰে। সেই কাৰণেই ৰাজ্যবাসীক মমবাতি, বেটাৰী, খোৱাপানী জমা ৰাখিবলৈ আহ্বান জনোৱা হৈছে। ১০খন জিলাত মোতায়েন কৰা হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী। তিনিদিন ধৰি সাগৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে মাছমৰীয়াক। কাষৰীয়া অন্ধ্ৰ প্ৰদেশ আৰু পুডুচেৰীত ঘূৰ্ণীবতাহৰ প্ৰভাৱত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।