ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ (INTACH)ৰ এক সমীক্ষাত দেখা গৈছে যে যোৱা দুটা দশকত শ্ৰী নগৰৰ প্ৰায় ৪২টাকৈ ঐতিহাসিক স্থান ধ্বংস হৈছে।২০০৩ চনত শ্ৰীনগৰত মুঠ ৩৪৯টা ঐতিহাসিক স্থান আছিল, যিটো ২০২২ চনত ৩০৭টালৈ হ্ৰাস পাইছে।
ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজৰ সভাপতি মহম্মদ চেলিম বেইগৰ মতে দুটা দশকত এই অঞ্চলৰ ১২% স্থান ধ্বংস হোৱাৰ বিপৰীতে ৬% ঠাই ধ্বংসাৱশেষত পৰিণত হৈছে। শেহতীয়াকৈ তেওঁলোকে স্মাৰ্ট চিটি প্ৰকল্পৰ বাবে কৰা এক সমীক্ষাত তেওঁলোকে দেখিলে যে ২০০৩ চনৰ তালিকা অনুসৰি ৫১% ঠাই জৰাজীৰ্ণ হৈ পৰিছে।
চেলিমৰ মতে বহু পুৰণি প্ৰাসাদ আৰু অট্টালিকাৰ মালিকীস্বত্ব ইয়াৰ সৈতে জড়িত পৰিয়ালসমূহৰ হাতত। গতিকে সেইবোৰ ভাঙি তেওঁলোকে নতুন ঘৰ সাজিছে। ঝেলুম নদীৰ পাৰত নিৰ্মাণ কৰা এটা পুৰণি অট্টালিকাৰ মালিকে কৈছিল যে তেওঁৰ ঘৰখন ভাঙি পেলাব লগা হৈছে কাৰণ তেওঁৰ পৰিয়ালক আধুনিক সা-সুবিধাৰ প্ৰয়োজন। আগতে চৰকাৰে ঐতিহ্যমণ্ডিত ভৱনৰ মালিকক সহায় কৰাৰ পৰিকল্পনা কৰিছিল যদিও সেই সহায় কেতিয়াও নাহিল, সেইবাবেই তেওঁলোকে সেইবোৰ ভাঙি নতুন ঘৰ সাজিব লগা হৈছে।
চেলিমে লগতে এই কথাও কয় যে ২০১০ চনত ঐতিহাসিক স্থানৰ সুৰক্ষাৰ সৈতে জড়িত এখন আইন প্ৰণয়ন কৰা হৈছিল, কিন্তু সেই আইন কাৰ্যকৰী কৰা হোৱা নাছিল। ফলত ঐতিহাসিক অট্টালিকাবোৰ ভাঙি পেলোৱা হয়। কেন্দ্ৰীয় চৰকাৰে ঐতিহাসিক স্থানসমূহক উদ্যোগ হিচাপে ঘোষণা কৰিছে। এই স্থানসমূহত নতুন প্ৰকল্প আৰম্ভ কৰাৰ সময়ত ৩০% ধন চৰকাৰে দিয়ে। কিন্তু জম্মু-কাশ্মীৰ প্ৰশাসনে এই ধনৰাশি কেন্দ্ৰৰ পৰা এটাও ঐতিহাসিক স্থানৰ বাবে দাবী কৰা নাছিল।
২০২১ চনত ইউনেস্ক’ই ক্ৰাফ্ট আৰু ফ’ক আৰ্ট শিতানত ৪৯খন চহৰৰ ভিতৰত শ্ৰীনগৰক বাছনি কৰিছিল। বিশেষজ্ঞসকলৰ মতে যদি ঐতিহাসিক স্থানসমূহ এনেদৰে ধ্বংস হৈয়েই থাকে, তেন্তে শ্ৰীনগৰে ইউনেস্ক’ৰ ঐতিহ্যৰ স্বীকৃতি হেৰুৱাব পাৰে।
ৱৰ্ল্ড মনুমেণ্টছ ৱাচৰ তথ্য অনুসৰি শ্ৰীনগৰ চহৰৰ বহু মহাবিদ্যালয়, চিকিৎসালয় আৰু আদালত ব্ৰিটিছ ৰাজৰ সময়ত নিৰ্মাণ কৰা হৈছিল। ডাউনটাউন এলেকাৰ মহাৰাজগঞ্জ, বহৰি কদল, গাড কোচ, মহাৰাজ বজাৰৰ দৰে পৰম্পৰাগত বজাৰসমূহে অস্তিত্বৰ সংকটৰ সন্মুখীন হৈছে। চতুৰ্দশ শতিকাৰ বহু অট্টালিকা জৰাজীৰ্ণ হ’বলৈ ধৰিছে ৷