সুমথিৰা টেঙা চিৰ’সেউজীয়া গছ। সুমথিৰা কেঁচাতে সেউজীয়া আৰু পকিলে হালধীয়া হয়। ফল ৰসেৰে পৰিপূৰ্ণ। বীজ বহুতো থাকে আৰু খাবলৈ মিঠা হয়।
বৈজ্ঞানিক নাম :- Citrus aurantium
খাবলৈ অতি সোৱাদময় সুমথিৰাৰ আছে বহুত উপকাৰীতা-
১) সুমথিৰা টেঙাত থকা এছকৰবিক এচিডে ছাল নিমজ কৰে।
২) পানী লগাৰ পৰা আৰম্ভ কৰি সৰু বৰ নানা ৰোগ প্ৰতিৰোধ কৰিব পাৰে।
৩) সুমথিৰা খালে মেদ কমে।
৪) পেটৰ বিভিন্ন ৰোগত সুমথিৰাৰ ৰস উপকাৰী।
৫) সুমথিৰাৰ ৰস খালে দৃষ্টি শক্তি বাঢ়ে।
৬) সুমথিৰা টেঙাই দেহৰ তেজৰ কাৰ্যক্ষমতা , তাপ উৎপাদন , দহন ক্ৰিয়া নিয়ন্ত্ৰণ , শৰীৰৰ ক্ষয় পূৰণ আৰু দেহ গঠন কৰাত সহায় কৰে।
৭) সুমথিৰা টেঙা জ্বৰ , জণ্ডিচ , গ্ৰহণী , পেটচলা , অজীৰ্ণ ৰোগত উপকাৰী।
৮) সুমথিৰাৰ ৰসে পাকস্থলী পৰিষ্কাৰ কৰে।
৯) সুমথিৰাৰ ৰস ব্যৱহাৰ কৰি খাদ্যবস্তু সুগন্ধি কৰিব পাৰি।
১০) কৰ্কট ৰোগীৰ বাবে সুমথিৰাৰ ৰস উপকাৰী।
বতৰৰ ফল সুমথিৰা যথেষ্ট পৰিমানে খাব লাগে। সুমথিৰাৰ ৰস আমাৰ শৰীৰৰ বাবে উপকাৰী হোৱাৰ লগতে সৌন্দৰ্য চৰ্চাতো প্ৰয়োগ কৰা হয়। সুমথিৰাৰ বাকলি পিহি লৈ মুখত সানিলে ছাল নিমজ হোৱাৰ লগতে দেখিবলৈ শুৱনি হয়।