আজি ৰাষ্ট্ৰকবি মৈথেলীচৰণ গুপ্তৰ স্মৃতি দিৱস । তেওঁ আছিল আধুনিক হিন্দী কবিসকলৰ ভিতৰত অন্যতম । ১২ বছৰ বয়সতে তেওঁ কবিতা লিখিবলৈ লয় । প্ৰথমতে তেওঁৰ কবিতাসমূহ ‘সৰস্বতী’ আলোচনীত প্ৰকাশ পাইছিল । তেওঁৰ প্ৰথম কবিতা পুথি ‘ৰংগ মে ভংগ’ ১৯১০ চনত প্ৰকাশিত হৈছিল । তেওঁ বাংলা কাব্য পুথি মেঘনাদ বধ, ব্ৰজাংগনাৰ উপৰি প্ৰসিদ্ধ সংস্কৃত গ্ৰন্থ ‘স্বপ্নবাসৱদত্তা’ৰ অনুবাদ কৰিছিল । ১৯১৪ চনত প্ৰকাশিত ‘ভাৰত ভাৰতী’ নামৰ কাব্যপুথিখনে তেওঁক বিশেষ খ্যাতি আনি দিছিল । এই পুথিখনৰ বাবেই মহাত্মা গান্ধীয়ে তেওঁক ৰাষ্ট্ৰকবি আখ্যা দিছিল । তেওঁৰ আন এক বিশিষ্ট সাহিত্যকৃতি ‘সাকেত’ । তেওঁৰ অন্যান্য পুথি পঞ্চৱতী, যশোধৰা আদি । ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক ‘পদ্মভূষণ’ সন্মান প্ৰদান কৰে । ১৯৬৪ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । কবিগৰাকীলৈ আমাৰ প্ৰণাম ।