আফগানিস্তান আৰু পাকিস্তানৰ সীমান্তত গুলীচালনাৰ ঘটনাক লৈ তী্ব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । এই গুলীচালনাৰ ঘটনাত ৬ পাকিস্তানী নাগৰিকৰ মৃত্যু হৈছে ।গুলীচালনাত ১৭ জন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে । দেওবাৰে বেলুচিস্তানৰ চামান জিলাত সংঘটিত হৈছে এই আক্ৰমণ। পাকিস্তান সেনাই দাবী কৰা অনুসৰি আফগান বাহিনীয়ে এই আক্ৰমণত আৰ্টিলাৰী, মৰ্টাৰ আৰু অন্যান্য গধুৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল। পাকিস্তানেও প্ৰতি আক্ৰমণ কৰে।
এই ঘটনাত পাকিস্তানৰ ৬ জন নাগৰিকৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত ১৭ জন লোকক লগে লগে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। আফগান পক্ষৰ পৰা এতিয়ালৈকে কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।
পাকিস্তান চৰকাৰে আফগান কৰ্তৃপক্ষক এই ঘটনাৰ তদন্তৰ বাবে অনুৰোধ জনাইছে। পাকিস্তান চৰকাৰেও আফগানিস্তানক কঠোৰ ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছে যাতে ভৱিষ্যতে এনে ঘটনা পুনৰ সংঘটিত নহয়। এই আক্ৰমণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।