ঘৰৰ ভিতৰত পৰুৱা দেখা পোৱাটো সকলোৱে সাধাৰণ বুলি গণ্য কৰে বাবেই বহুতে ইয়াক আওকাণ কৰা দেখা যায় । কিন্তু বহুতেই হয়তো নাজানে যে ঘৰত থকা এই পৰুৱা বোৰে প্ৰকৃতাৰ্থত আমাক শুভ আৰু অশুভ বহু কথাৰ ইংগিত দিয়ে।
আপুনি যদি জ্যোতিষ বা বাস্তুশাস্ত্ৰত বিশ্বাসী তেন্তে আপুনি এই কথা নিশ্চয় জনা উচিত যে ঘৰত পৰুৱাৰ উপস্থিতিয়ে আমাৰ অৰ্থনৈতিক অৱস্থাৰ ইংগিত দিয়ে।
পঞ্জাৱ কেশৰী নামৰ ভাৰতৰ এক আগশাৰীৰ সংবাদ মাধ্যমযোগে প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি বাস্তু শাস্ত্ৰৰ মতে যদি আপোনাৰ ঘৰত ৰঙা পৰুৱা দেখা যায় তেন্তে ই আপোনাৰ আৰ্থিক ক্ষতি কৰিব পাৰে। ৰঙা পৰুৱা বোৰে ঘৰৰ অশুভ সংকেত দিয়ে। ইয়াৰ ফলত মানুহৰ ঋণ বৃদ্ধি পাব পাৰে। গতিকে ৰঙা পৰুৱা দেখা পালে নেমু, তেজপাত, ক’লা জলকীয়া আদি ব্যৱহাৰ কৰি ইয়াক আঁতৰাব পাৰে।
আনহাতে ঘৰত ক’লা পৰুৱা দেখাটো শুভ বুলি গণ্য কৰা হয়।হঠাৎ ক’লা পৰুৱা দেখা গ’লে তাৰ অৰ্থ হ’ল আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন হ’বলৈ গৈ আছে।ঘৰত যদি দলবদ্ধভাৱে ক’লা পৰুৱা অহা দেখা যায়, তেন্তে ইয়াক শুভ লক্ষণ বুলি গণ্য কৰা হয়। ইয়াৰ দ্বাৰা সুখ-সমৃদ্ধি বৃদ্ধি পোৱাৰ লগতে সমাজত সন্মানো বৃদ্ধি পাব পাৰে।
যদি ধান-চাউলৰ পাত্ৰত ক’লা পৰুৱা দেখা পায়, তেন্তে জ্যোতিষৰ মতে আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে। চাকৰিত পদোন্নতি পাব পাৰে বা টকা উপাৰ্জনৰ কোনো সুযোগো লাভ কৰিব পাৰে আপুনি ।
আনহাতে যদি আপুনি কোনো সোণৰ বস্তুত ক’লা পৰুৱা দেখা পায়, তেন্তে ই এক শুভ লক্ষণ আপোনাৰ বাবে । ইয়াৰ দ্বাৰা আপুনি ধন-সম্পত্তি তথা সুখ-সমৃদ্ধিও লাভ কৰিব পাৰে।