VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বৌদ্ধ মঠ সমূহ হ’ল মানসিক শান্তি লাভ কৰাৰ বাবে এক উপযুক্ত ঠাই

ভাৰতৰ এই বৌদ্ধ মঠসমূহলৈ কেতিয়াবা গৈছে নেকি বাৰু আপুনি?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 13, 2022
in জীৱন
বৌদ্ধ মঠ সমূহ হ’ল মানসিক শান্তি লাভ  কৰাৰ বাবে এক উপযুক্ত ঠাই
0
SHARES
48
VIEWS
Share on FacebookShare on Twitter

এই ব্যস্তাপূৰ্ণ জীৱনত মানসিক চাপ যেন জীৱনৰ এটা অংশ হৈ পৰিছে। ইয়াৰ পৰা হাত সাৰিবলৈ নাইবা অলপ শান্তি অনুভৱ কৰিব পৰা আমি এনে কিছুমান ঠাইলৈ যাব পাৰো য’ত আমি সকলো পাহৰি কেৱল শান্তি অনুভৱ কৰোঁ। ইয়াৰ বাবে এক উত্তম স্থান হ’ল  ভগৱান বুদ্ধৰ উপাসনা স্থল বৌদ্ধ মঠ সমূহ য’ত  বৌদ্ধ ধৰ্মৰ গুৰুসকলে তেওঁলোকৰ শিষ্যসকলক  শিক্ষা বা আধ্যাত্মিক জ্ঞান প্ৰদান কৰে।

লাডাখৰ ফুগতাল মঠ-লাডাখৰ সুদূৰ পাহাৰত নিৰ্মিত ফুকতাল মঠ দেখাত মৌচাকৰ দৰে । গুহাত লুকাই থকা এই মঠৰ ইতিহাস ২৫০০বছৰ পুৰণি। এই মঠটোত প্ৰায় ২০০ বৌদ্ধ সন্ন্যাসীয়ে বাস কৰে। স্মৃতিসৌধৰ উপৰিও ইয়াত কোঠা আৰু পুথিভঁৰালো   আছে।  নদীৰ ওপৰত নিৰ্মিত ওলমা দলংখন ব্যৱহাৰ কৰি ইয়ালৈ যাব লগা হয়।

হেমিছ মঠ, লাডাখ-লেহৰ পৰা ৪৫ কিলোমিটাৰ দক্ষিণে অৱস্থিত হেমিছ মঠ লাডাখৰ এটা বিখ্যাত বৌদ্ধ মঠ। লাডাখৰ ৰজা চেংগে নামগ্যালে নিৰ্মাণ কৰা এই হেমিছ মঠ ভাৰতৰ সাত আশ্চৰ্য্যৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় ৷ আনহাতে দেশৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত এই মঠ । সেউজীয়া পাহাৰ আৰু ভয়ংকৰ পৰ্বতৰ মাজত সিন্ধু নদীৰ পাৰত অৱস্থিত হেমিছ মঠ এই অঞ্চলৰ আটাইতকৈ ডাঙৰ আৰু জনপ্ৰিয় মঠ, যাৰ বাবে ই পৰ্যটকৰ বাবে এক প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু। হেমিছ মাথ ভাৰতৰ অন্যতম চহকী মঠ। ইয়াত সোণ-ৰূপেৰে নিৰ্মিত স্তুপৰ লগতে ভগৱান বুদ্ধৰ এক  তামৰ মূৰ্তিও আছে।

অৰুণাচল প্ৰদেশৰ টাৱাং মঠ- টাৱাং মঠ অৰুণাচল প্ৰদেশত অৱস্থিত দেশৰ ভিতৰতে সৰ্ববৃহৎ আৰু বিখ্যাত বৌদ্ধ মঠ । এই মঠ টাৱাং নদীৰ উপত্যকাৰ টাৱাং চহৰৰ ওচৰত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা দহ হাজাৰ ফুট উচ্চতাত অৱস্থিত এই মঠটোক ‘গাল্ডেন নামগ্যাল লাটচে’ বুলিও কোৱা হয়। ইয়াৰ জুপুৰি সদৃশ পুথিভঁৰালটোত বুদ্ধৰ প্ৰতিমূৰ্তি আৰু পবিত্ৰ গ্ৰন্থ আছে।

ডিস্কিট মনাষ্ট্ৰী, লেহ- ডিস্কোট মঠ ভাৰতৰ অন্যতম বিখ্যাত বৌদ্ধ মঠ যাক দালাই লামাই উদ্বোধন কৰিছিল। এই মঠটোৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কথাটো হ’ল যে  ইয়াত এটা বেচৰকাৰী সংস্থাৰ সহায়ত এখন বিদ্যালয় স্থাপন কৰা হৈছে য’ত  অঞ্চলটোৰ তিব্বতী শিশুসকলক ইংৰাজী ভাষাত বিজ্ঞান বিষয়সমূহ শিকোৱা হয় ৷

ছিকিমৰ ৰুমটেক মঠ-ছিকিমৰ ৰাজধানী গেংটকৰ সমীপত অৱস্থিত ৰুমটেক মঠক ধৰ্ম চক্ৰ কেন্দ্ৰ বুলিও জনা যায়।  গেংটকৰ সমীপৰ ৰুমটেক মঠ ছিকিমৰ আটাইতকৈ ডাঙৰ মঠ, য’ত বৃহৎ সংখ্যক বৌদ্ধ সন্ন্যাসীয়ে বাস কৰে।

মিণ্ড্ৰলিং মঠ, ডেৰাডুন-ভাৰতৰ অন্যতম ধুনীয়া মঠ মিণ্ড্ৰলিং মঠ। উত্তৰাখণ্ডৰ ডেৰাডুনত অৱস্থিত এই মঠটো পৰ্যটকৰ আকৰ্ষণৰ এক প্ৰধান কেন্দ্ৰ। এই মঠ ১৬৭৬ চনত ৰিগজিন টেৰডাক লিংপাই নিৰ্মাণ কৰিছিল। ১০৭ ফুট উচ্চতাত থকা ইয়াৰ ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তি ভাৰতৰ আটাইতকৈ ওখ স্তুপ। ইয়াত প্ৰায় ৩০০ বৌদ্ধ সন্ন্যাসী বাস কৰে আৰু এই কাৰণেই বৌদ্ধ ধৰ্মত বিশ্বাসী লোকসকল  ইয়ালৈ  বেছিকৈ আহে।

Previous Post

জ্যোতিষ শাস্ত্ৰৰ মতে ঘৰত পৰুৱাৰ উপস্থিতিয়ে অৰ্থনৈতিক অৱস্থাৰ ইংগিত দিয়ে

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে
জীৱন

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে

June 1, 2023
দিনটোত ১০ ঘণ্টাতকৈ অধিক শোৱে নেকি ?বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ সম্ভাৱনা ?
জীৱন

দিনটোত ১০ ঘণ্টাতকৈ অধিক শোৱে নেকি ?বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ সম্ভাৱনা ?

May 31, 2023
জিমৰ পৰা উভতি আহিলে মূৰৰ বিষত ভোগে নেকি ? বিষ কমোৱাৰ উপায় কি?
জীৱন

জিমৰ পৰা উভতি আহিলে মূৰৰ বিষত ভোগে নেকি ? বিষ কমোৱাৰ উপায় কি?

May 30, 2023
চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?
জীৱন

চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?

May 29, 2023
চকুৰ তলৰ অংশ  ফুলি উঠাত অস্বস্তি পাইছে নেকি ? ঘৰতে কেনেকৈ ল’ব যত্ন?
জীৱন

চকুৰ তলৰ অংশ ফুলি উঠাত অস্বস্তি পাইছে নেকি ? ঘৰতে কেনেকৈ ল’ব যত্ন?

May 26, 2023
যৌৱন ধৰি ৰাখিব বিচাৰেনে? খাদ্যৰ তালিকাত ৰাখক  এই তিনিধৰণৰ বাদাম  হ’ব?
জীৱন

যৌৱন ধৰি ৰাখিব বিচাৰেনে? খাদ্যৰ তালিকাত ৰাখক এই তিনিধৰণৰ বাদাম হ’ব?

May 25, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7