আজি অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় সংগীত পৰিচালক ডাঃ উপেন কাকতিৰ স্মৃতি দিৱস । তেওঁ এগৰাকী নাট্যকাৰ আৰু ঔপন্যাসিকো আছিল । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত পঢ়ি থাকোঁতেই ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত তেওঁ লিখা ‘ই যে ৰণাংগণৰ কাহিনী’ গীতটি অতি জনপ্ৰিয় হৈছিল আৰু পিছলৈ গীতটি তেওঁ সংগীত পৰিচালনা কৰা ‘বোৱাৰী’ চলচ্চিত্ৰত সন্নিৱিষ্ট কৰা হৈছিল । তেওঁ ৰশ্মিৰেখা, বিশেষ এৰাতি, প্ৰাণ-গংগা, ফাগুনী আৰু বোৱাৰী চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল । এই চলচ্চিত্ৰকেইখনৰ গীতবোৰ আজিও অতি জনপ্ৰিয় । সম্ভ্ৰান্ত অতিথি, মাটিৰ তলৰ ধন আৰু মানৱ ৰক্ষী তেওঁৰ পূৰ্ণাংগ নাটক । সোণ নালাগে ৰূপ নালাগে, তেজ, ৰাজপথৰ সাধু আদি তেওঁৰ একাংকিকা নাট । মিঠা জেংৰাই, প্ৰাণ গংগাৰ পাৰ, পদুমৰে পানচৈ আদি তেওঁৰ উপন্যাস । ১৯৮০ চনৰ আজিৰ দিনটোতে মাজুলীৰ জেংৰাইমুখত হোৱা এক পথদুৰ্ঘটনাত মাথোঁ ৩৮ বছৰ বয়সতে তেওঁৰ মৃত্যু হয় । সংগীতকাৰগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি সুদক্ষ ফুটবল খেলুৱৈ বাবুল ফুকনৰ স্মৃতি দিৱস । গ্ৰাম্য ক্ৰীড়া, জাতীয় ছাব-জুনিয়ৰ ফুটবল, আন্তঃমহাবিদ্যালয় ফুটবল, আন্তঃবিশ্ববিদ্যালয় ফুটবল আদিত কৃতিত্ব দেখুৱাবলৈ সক্ষম হোৱা বাবুল ফুকনে ১৯৮৬ চনৰ পৰা ১৯৯৬ চনলৈ আঠাবাৰ ৰাজ্যিক ছিনিয়ৰ ফুটবল দলক সন্তোষ ট্ৰফীত প্ৰতিনিধিত্ব কৰিছিল । ১৯৮৫ চনত তেওঁ ইটালীৰ বিৰুদ্ধে ভাৰতীয় ২৩ বছৰৰ অনূৰ্ধ দলত অন্তৰ্ভুক্ত হৈছিল । ১৯৮৬ আৰু ১৯৮৭ চনত তেওঁ পাকিস্তান আৰু ছোদি আৰবত খেলা ভাৰতীয় জুনিয়ৰ দলৰ সদস্য আছিল । ১৯৮৮ চনত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ দলৰ হৈ গুৱাহাটী আৰু শ্বিলঙত ছোভিয়েট জুনিয়ৰ একাদশৰ বিৰুদ্ধে তেওঁ দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল । পিছলৈ তেওঁ মহাৰাণা ক্লাব, কলকাতাৰ মহমেদান ক্লাব, গুৱাহাটী টাউন ক্লাব, ডায়নামো ক্লাব আদিৰ হৈও খেলে । ২০০০ চনত তেওঁ প্ৰথম শ্ৰেণীৰ ফুটবলৰ পৰা অৱসৰ লয় । ২০১৩ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । ফুটবলাৰগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিহু সংস্কৃতিৰ গৱেষক তথা লোকশিল্পী জয়কান্ত গন্ধিয়াৰ স্মৃতি দিৱস । শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলা জয়কান্ত গন্ধিয়াই অসম তেল সংমণ্ডলৰ সঞ্চাৰ আৰু জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে অৱসৰ লয় । তেওঁ মুঠ ৬২খন বিভিন্ন বিষয়ৰ গ্ৰন্থ লিখি থৈ গৈছে । বিহু সংস্কৃতিৰ ৰূপৰেখা তেওঁৰ এখন উল্লেখযোগ্য গ্ৰন্থ । জয় ওজা ছদ্মনামেৰেও তেওঁ অসমৰ ঢোলবাদ্য নামৰ গ্ৰন্থ এখন লিখিছিল । তেওঁ ‘বিহু সুৰক্ষা সমিতি, অসম’ নামৰ এটা সংগঠনৰো জন্ম দিছিল । তেওঁ অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰিছিল । ২০২০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । বিহু বিশেষজ্ঞগৰাকীলৈ আমাৰ প্ৰণাম ।